পৃষ্ঠা:গুলেনাৰ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

b-br গুলেনাৰ। কৰা নহব; পোকে বিন্ধা গোলাপ যে এই পাহ, চিঙি আনি ভৰিৰে গৰকি পেলাই দিন- কি হেঁপাহ পলাল? ( আনাৰৰ প্ৰবেশ ) আনাৰ—কিহৰ হেঁপাহ? চেলিম—কিয়? প্ৰিয় দৰ্শনৰ হেঁপাহ! আনাৰ—কি প্ৰিয় দৰ্শনৰ হেঁপাহ? চেলিম—বেগমৰ তালৈ যাওঁ বুলি য মনে মনে তোমাৰ গুপ্ত প্ৰণয়ী। চাহেবৰ তালৈ গৈছিলা, দৰ্শন পালা? আনাৰ—হা খোদা! সাপ! সাপ! কালসাপ, বুকতে থুটিলে! ( বহি পৰে ) চেলিগ—মোৰ লগত চালাথী, ছয়তানী? দূৰ হ, মোৰ মহলৰ পৰা এতিয়াই দূৰ হ, যি প্ৰতিদান দিলি তাৰ উপযুক্ত শান্তি প্ৰাণ- দণ্ড, কিন্তু নাৰী তই, তাতে নীচ জাতি, তোক বধ কৰি কলঙ্কৰ ভাগী নহওঁ, দূৰ হ। ( যোধবাইৰ প্ৰবেশ ) আনাৰ—আল্লাহ- (মুচ্ছা যায় ) যোধ—( আনাৰৰ মুৰটো নিজৰ কোলাত লৈ আঁচলেৰে বিছি দিয়ে, এনেতে আনাৰৰ চেতন! আহে ) নাকান্দিব৷ আনাৰ—এতিয়া কান্দিবৰ সময় নহয়, ধৈৰ্য্য ধৰ॥ দুৰ্ব্বল হিয়াত শক্তি গোটাই লৈ নিজৰ নিৰ্দোষিত৷ প্ৰমাণ কৰিবলৈ চেষ্টা কৰা। এই দৰে অধৈৰ্য্য হৈ গা পেলাই দিলে ইয়াতোকৈ অমঙ্গল হবলৈ আছে।