পৃষ্ঠা:গুলেনাৰ.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। মলিনতাৰ মাজত নিজৰ পবিত্ৰতা ৰক্ষা কৰা অতি সুকঠিন। আনাৰ অবিশ্বাসিনী সঁচা। নহয়েই যদি, অমৰসিংহৰ প্ৰতি ইমান মমত৷ কিন্তু? বহুদিন তেওঁলোকৰ তাত আছিল হয়, কিন্তু অহাও আজি ভালেদিন হল, তথাপি কিয় কালি অমৰৰ বন্দীত্বৰ কথা শুনি চকুলে৷ টুকিছিল? আগ্ৰাৰ বন্দীশালত শত সহস্ৰ বন্দীয়ে দিনে ৰাতি কাতৰ কণ্ঠে কান্দি কান্দি মুক্তি ভিক্ষা কৰি আছে। কত৷? কেতিয়াও কাৰে৷ কাৰণে তেওঁ মোক একো কোৱা নাই, কালিনে৷ তেনে অমৰৰ কাৰণে কিয় তেনে কৰিছিল? ইয়াৰ মাজত কথা আছে, আৰু থাকি- বৰেই কথা। প্ৰথম যেতিয়৷ মই আনাৰক পাওঁ, তেতিয়৷ তেওঁ পূৰ্ণ যুবতী, পৰ্ব্বতে-প্ৰান্তবে, হাবিয়ে-বননীয়ে অকলে অকলে অমৰৰ লগত ঘুৰি ফুৰে, তেতিয়া কেৱল অমৰেই তেওঁৰ সহচৰ আছিল। ইয়াতে৷ কি আনাৰৰ নিচিন৷ দুৰ্ব্বল চিতিয়া ছোৱালী এজনীয়ে নতুন যৌবনৰ উদ্দাম উচ্ছৃঙ্খল প্ৰবৃত্তিক দমাই ৰাখিব পাৰে? বান্দীৰ কথা মিছা নহয়, তাই সঁচাই কৈছে. আনাৰ চৰিত্ৰহীন!! সৌৱা আহিছেই, এই ফাললৈকে আহিছে। আহা! এনে সৰল মাধুৰ্য্যপূৰ্ণ মুখশ্ৰী, এনে শান্তো- জ্জল কৰুণ দৃষ্টি, ইয়াৰ ভিতৰত কি পাপৰ মলিনতা থাকিব পাৰে? সেই পবিত্ৰ প্ৰণয়পূৰ্ণ সৰল অন্তৰত কি লালসাৰ কলুষ-প্ৰবাহ থাকিব পাৰে? অসম্ভৱ, প্ৰকৃতিবিৰুদ্ধ, মিছা, আনাৰ মোৰ অবিশ্বাসিনী নহয়—হবই নোৱাৰে যে:-----হবই নোৱাৰে কি? নিশ্চয় হয়, অমৃতৰ ভিতৰত হলাহল লুকাই থাকে, শান্তিৰ ভূমিতে অশান্তিৰ বিহলত৷ গজে, পোহৰৰ আৰত, আন্ধাৰৰেই আধিপত্য.....নহয় নহয়, আনাৰক বিশ্বাস 6-9