পৃষ্ঠা:গুলেনাৰ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। সেই নবীন জ্যোতিৰ নিৰ্ব্বাণ চাই থাকিম? ইয়াতে৷ যদি মোৰ কিব৷ অপৰাধ হৈছে, বাদছাহে যেনে ইচ্ছ। শাস্তি দিব পাৰে, বান্দাই হাঁহি মুখে তাক গ্ৰহণ কৰিবলৈ সাজু আছে॥ EST আক—( ঢেলিমক নাবটি ধৰি ) দীৰ্ঘজীবি হোৱ৷ বাচা! আশীৰ্ব্বাদ কৰে৷—এই উদাতা, এই মহাপ্ৰাণতাই আজীৱনকাল তোমাৰ অন্তৰত সযতনে ঠাই পাব। দ্বিতীয় দৃশ্য। মহল। চেলিম আৰু পিয়াৰা। ৮৫ চেলিম—এতে পৰেও নাছিল! কব পাৰনে পিয়াৰা, বেগম চাহেবাই আনাৰক কিয় মাতি নিছে? পিয়াৰ৷—কব নোৱাৰে৷ হুজুৰ! পিছে— চেলিম—পিছে বুলি ৰলি দেখোন! কি? পিয়াৰ।—নহয়, বিশেষ একো নহয় হুজুৰ। কাণত নপৰাই ভাল। সামান্য কথা এটি হুজুৰৰ চেলিম—( স্বগতঃ ) এইব এনে আচৰণৰ কাৰণ কি? যোধবাইয়ে আনাৰৰ কিব৷ অনিষ্ট চেষ্টা কৰিছে নেকি? তেওঁতে| আনাৰক চকু পাৰি দেখিব নোৱাৰে। অসম্ভৱ একো নহয়, তিৰোতা জাতিৰ ঈৰ্ষাকুৰীয়৷ স্বভাবেই, সিহঁতে সকলো কৰিব পাৰে। এতিয়াৰে পৰা সতৰ্ক হব লাগিব। ( ফুটাই ) সঁচা ক বান্দী! আনাৰক বেগমে কিয় মাতি নিছে? মিছা কলে তোৰ জান যাব।