পৃষ্ঠা:গুলেনাৰ.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। হয় স্থবিচাৰ হয় সেইটো মোৰ বিবেচ্য, তোমাৰ নহয়, সেইটো বোধ হয় জান? চেলিম—জানোঁ, কিন্তু মই যে আপোনাৰ পুত্ৰ, এই বিশাল হিন্দুস্থানৰ চাহজাদা, আপোনাৰ বাদে ভাৰতৰ ভাগ্য নিয়ন্ত!, এই ভাৰতৰ কোটি কোটি প্ৰজাৰ সুখ-দুখ শান্তি-শান্তি যে মোৰ ক্ষুদ্ৰ ইঙ্গিতৰ ওপৰত নিৰ্ভৰ কৰিব, তেনে এতিয়াৰে পৰ৷ যদি মই কোনো কাৰণ বশতঃ মনুষ্যত্ব বিকাশৰ উৎকৰ্ষ সাধন নকৰিম, মোৰ সুপ্ত সুপ্ৰবৃত্তিবিলাকক স্থচল সুযোগ পোৱাতে৷ জগাই মেলি কাৰ্য্যত নলগাই সিহঁতক চেপা মাৰি থৈ দিম, তেনে মই মানুহৰ পৰা যে বাজ হয়। আপোনাৰ বাদে এই ভাৰত সিংহাসনত এট। মনুষ্যত্বহীন দয়ামায়াহীন অবিবেচক অত্যাচাৰী অধিষ্ঠিত হলে আপুনি বোধ হয় সুখী নহব। অমৰক নে| মই কিয় মুক্তি দিলোঁ—এতিয়া বোধ হয় বুজিব পাৰিছে। কোনো এটি মহৎ পবিত্ৰ সুন্দৰ বস্তুক শ্ৰীভ্ৰষ্ট দেখিলে সকলোৰেই প্ৰো কান্দি উঠে, আৰু সকলোৱে তাৰ সেই নষ্ট হোৱ৷ গৌৰৱশ্ৰীৰ পুনৰ বিকাশ দেখিবলৈ সাধ্যমতে চেষ্টা যত্ন কৰে। ঈও বা আপোনাৰ প্ৰতাপৰ লগত প্ৰৱল প্ৰতিদ্বন্দ্বীত৷ চলিছে, যদিও বা আপোনালোকে দুয়ে৷ দুয়োৰো শোণিত পান কৰিবলৈ অত্যন্ত লালায়িত হৈ উঠিছে, তথাপি ভাবিচকচোন, প্ৰতাপৰ মহত্ত্ব, বীৰত্ব দেখি, প্ৰতাপৰ অৱস্থ৷ স্থৱঁৰি প্ৰাণে আপোনাৰ কান্দি উঠা নাইনে? যদি কন্দ৷ নাই, তেনে আপুনি এজন হৃদয়হীন পিশাচ! আপোনাৰ হিয়৷ নাই—হিয়া নহলে অনুভৱ কৰিব কিহেৰে? অমৰ হিন্দুস্থানৰ মহিম৷ গৌৰৱ, বীৰত্বৰ একাদৰ্শ, ভাৰত আকাশৰ অত্যুজ্জ্বল নক্ষত্ৰ। কোন প্ৰাণেৰে এনে অকালতে b-3 আক—অবিচাৰ