পৃষ্ঠা:গুলেনাৰ.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। মান—হয় বাদছাহ ছালামত। মই দাসে এইটে। নকৰিবলৈ কোৱাত— অমৰৰ আগতে চাহজাদাই মোক নথৈ অগমান কৰিলে, বান্দাই আৰু কি কৰিব পাৰে? আক—চেলিনে! চেলিমে অমৰক মুক্তি দিলে। Bo ( চেলিমৰ প্ৰবেশ ) চেলিন—হয় আব্বাজান! ময়ে বন্দীক মুক্তি দিলো। আক—তুমি? তুমি চেলিম, মোৰ উত্তৰাধিকাৰী, ভাৰতৰ ভাবী সম্ৰাট, তুমি—প্ৰতাপ তনয় অমৰসিংহক মুক্তি দিল।? চেলিম—হয়, ময়েই মুক্তি দিলে।—মোক ক্ষমা কৰক। আক—তুমি দিলা—বন্দীক তুমি মুক্তি দিল৷! এই মুক্তি দানৰ পৰিণাম কি জানা? চেলিন— জানে। অ ব্বাজান—তথাপি— আক—জানা, তথাপি মুক্তি দিলা? চেলিম—তথাপি দিলে। হয়, কিন্তু— আক—কৈফিয়ৎ নালাগে, অপৰাধী তুমি, শাস্তি লবলৈ প্ৰস্তুত হোৱ॥ চেলিম-ে — তেনে বাদছাহ, মই সম্পূৰ্ণ প্ৰস্তুত! আক—( স্বগতঃ ) বাহ! ইকি মুক্তি! চকু দুটি কি শান্ত, কি উজ্জ্বল, কি গভীৰ! ( ফুটাই ) তোমাৰ এনে আচৰণৰ কাৰণ কি চেলিন? চেলিম—কেনে আচৰণৰ? আক—মোৰ একমাত্ৰ প্ৰৱল প্ৰতিদ্বন্দ্বী চিশত্ৰু প্ৰতাপসিংহৰ পুত্ৰক বন্দী কৰি পুনৰ মুক্তি দিল। যে— চেলিম- —এনে এজন মহাপ্ৰাণক বন্দী কবি হাতে ভৰিয়ে শিকলি লগাই বন্দীশালত পেলাই থলে যে অবিচাৰ কৰা হয় আব্বা!