পৃষ্ঠা:গুলেনাৰ.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮২ গুলেনাৰ। হিন্দুজাতিটোক মোৰ হাতলৈ আনিব পাৰিম। আৰু তেতিয়া হিন্দু মোসলেম উভয় জাতিকে সম্মিলিত কৰি এই ভাৰতক এনে শক্তিশালী কৰি তুলিম যে গোটেই জগত মোৰ এই সিংহাসনৰ তলত তলমুৰ হবলৈ বাধ্য হব। কিন্তু মিছা, বিমানে ভাবিছে৷, যিমানে যত্ন কৰিছে৷ সিমানে বিপৰীত হৈ হৈছে। অমৰ পলোৱাত মই আচৰিত হৈছে৷। ( মানসিংহব প্ৰবেশ ) এইবোৰ কি শুনিছে৷ মহাৰাজ? মান—কিব৷ জাহাপান? আক—জাহাপান৷! জাহাঁপান!! জাহাঁপানাক এতিয়া পানাহ দিয়ে কোনে? অমবসিংহ কত? মান—পলাল বুলি শুনিছে॥ আক—পলাল তো, সেইটো এই অধীনেও শুনিছে, কিন্তু পলাল কেনেকৈ? মান—আপুনি নিজে মুক্তি দিলে আমি অধীনে কি কা জাহাঁপান৷? আক—কি? মই নিজে মুক্তি দিছে৷? মান—বাদছাহ ছালামত—নিজে নহলেও তেখেতৰ– আক—মানসিংহ, পকোৱা কথা এৰি ভাঙি কোৱা। মান—চাহজাদাই মুক্তি দিছে। আক--কোন চাহজাদা? মান—চাহজাদা চেলিমে, জাহাপান॥ আক—চেলিমে? পাৰে৷