এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২
গুলেনাৰ।
| মাউৰীক দেখিলে তেখেতৰ কোমল হিয়৷ পমি যাব, কন্যা-তুল্য যত্নে তোমাক মহলত ৰাখিব। মা! |
| আনাৰ।— | আম্মা! আম্মাজান! |
| বদৰ।— | পানী—; (আনাৰে পানী দিয়ে, মাকে খাই) উঃ বাছ৷ মোৰ! মা গুলেনাব, মোৰ চকুৰ মণি, তোমাক খোদাৰ হাতত সঁপিলোঁ, --মা! (মৃত্যু ) |
আনাৰ।—মা—মা! ( মূৰ্চ্ছ। যায় )।
(লক্ষ্মীদাসৰ প্ৰবেশ।)
| লক্ষ্মীদাস।— | ইকি দৃশ্য দয়াময়? ইকি লীল৷ তোমাৰ, লীলাময়? আজীৱন যুদ্ধলিপ্ত এই কাঠচিতিয়৷ কঠোৰ প্ৰাণে এই সকৰুণ দৃশ্য দেখি মমৰ দৰে পমে কিয়? মোৰ এই হিয়৷ যে আন ভাবে গঢ়া! ভাৰতৰ একমাত্ৰ দিনকৰ মহাৰাজ প্ৰতাপসিংহ আজি কৰাল-আকবৰ-ৰাহুগ্ৰস্ত; তেখেতৰ সাহায্যাৰ্থে, জননী জন্মভূমিৰ কল্যাণাৰ্থে এই অকামিল৷ ক্ষুদ্ৰ প্ৰাণ বলি দিবলৈ আহিছিলোঁ; প্ৰতিজ্ঞা কৰিছিলোঁ, ভাৰত-শত্ৰু বিদেশী বিধৰ্মী মুছলমান ৰক্তে বঞ্চিত হৈ ৰাঙলী বেশে মৃত্যুক বৰিম; এতিয়া দেখিছে৷ মোৰ সেই প্ৰতিজ্ঞা কৰবালৈ গল। এই যে মোৰ সম্মুখতে মুছলমান, এইক হত্য৷ কৰি মোৰ প্ৰতিজ্ঞ৷ ৰক্ষা কৰা দূৰে থক, টানি আনি বুকুত সুমাই লম যেনহে লাগিছে। সংসাৰৰ নিৰ্ম্মমত৷ ভেদি, যাৰ অযাচিত কৰুণাই এতেকাল শান্তি। সুঁতীৰ দৰে সদায় দিনে ৰাতিয়ে এইৰ জীৱনৰ ওপৰেদি বই আছিল; সুখে দুখে, সম স্নেহময়ী, এই কন্যাগতপ্ৰাণ৷ মাকে আজি এইক এই কঠোৰ কুটিলতাময় সংসাৰ-মৰুত |