পৃষ্ঠা:গুলেনাৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। অকলে এৰি থৈ, চিৰদিনলৈ বিদায় ললে। এই অভাগী দুখিনী আজিৰপৰ৷ নিৰাশ্রয়া হল। এই বিশাল বিশ্বত তাইৰ আৰু আপোন বুলিবলৈ কেও নাই। হায়! হায়! এনে বিপদে৷ মানুহৰ হয় ? করুণাময় প্রভুৰ ৰাজ্যতে৷ এনেনে নির্ম্মন নিকরুণ দৃশ্য দেখা যায় ! হায়! এই অকর্নিমান ছোৱালীটিয়ে এতিয়া কি কৰে, যায় কলৈ ? নহয়—মই এইক আশ্রয় দিম, নহলে (আনাৰে চকু মেলে ) C ধৰ্ম্মত পতিত হয় যে ? তুমি নিৰাপদ। আহিছে; ভয় নাই, না, আনাৰ।—নিৰাপদ ! কোন তুমি ? প্ৰাণত – পুনৰ বাক্যশেল কিয় এই দৰে মোৰ এই জৰ্জৰিত হার্নিছাহি? ম‍ই কোন কালৰ তোমাৰ শত্ৰু আছিলোঁ? মোৰ এখনি মাথে৷ আশ্রয়, এখনি মাথে৷ মুখ জুৰাবৰ ঠাই—মোৰ স্নেহময়ী জননীয়ে মোক চিৰদিনলৈ চিৰ-অভাগী কৰি এৰি থৈ গৈছে, মই আকৌ নিৰাপদ ! কোৱঁ৷ কি বৃদ্ধ ? 44 লক্ষ্মীদাস।—সঁচাই কৈছো, আই ! তোমাৰ মাৰ৷ তে৷ গলেই, তাৰে৷- পৰি তুমি যে অকলশৰীয়৷ হৈ একেবাৰে বিপদ-সাগৰত পৰিলা! তুমি জনা নাই, তোমাৰ বি বয়স, যেনে রূপ, তোমাৰ শত্ৰু যে খোজেপতি। হৰিণাৰ মাংসৰ দৰে ৰূপেই যে তোমাৰ শত্ৰু ! এতেদিনে যিখনি স্বর্গীয় স্নেহপূর্ণ হিয়া তোমাৰ একমাত্ৰ আশ্রয় আছিল, সি যে আজি স্পন্দনহীন ; মাৰাৰ যি দুটি অভয় বাহু তোমাৰ ৰক্ষাৰ্থে সুদৃঢ় দুৰ্গৰ দৰে আছিল, সেই দুটিও যে আজি কালৰ কৰাল আক্রমণত হলি গল। ইকি তোমাৰ কম বিপদ, মা? কিন্তু জগদীশ্বৰক, তোমাৰ খোদাক সৰ্ব্বান্তৰে ধন্যবাদ দিয়া যে, তোমাৰ