পৃষ্ঠা:গুলেনাৰ.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। অকলে এৰি থৈ, চিৰদিনলৈ বিদায় ললে । এই অভাগী দুখিনী আজিৰপৰ৷ নিৰাশ্রয়ী হল। এই বিশাল বিশ্বত তাইৰ আৰু আপোন বুলিবলৈ কেও নাই। হায়! হায়! এনে বিপদো মানুহৰ হয় ? করুণাময় প্রভুৰ ৰাজ্যতো এনেনে নির্মম নিকরুণ দৃশ্য দেখা যায় ! হায়! এই অকর্নিমান ছোৱালীটিয়ে এতিয়া কি কৰে, যায় কলৈ ? নহয় — মই এইক আশ্রয় দিন, নহলে (আনাৰে চকু মেলে ) বৰ্ম্মত পতিত হয় যে? আহিছে ; ভয় নাই, মা, তুমি নিৰাপদ । আনাৰ।—নিৰাপদ ! কোন তুমি? কিয় এই দৰে মোৰ এই জৰ্জৰিত প্ৰাণত পুনৰ বাক্যশেল হার্নিছাহি ? মই কোন কালৰ তোমাৰ শত্ৰু আছিলোঁ? মোৰ এখনি মাথোঁ আশ্রয়, এখনি মাথোঁ মুখ জুৰাবৰ ঠাই—মোৰ স্নেহময়ী জননীয়ে মোক চিৰদিনলৈ চিৰ-অভাগী কৰি এৰি গৈছে, মই আকৌ নিৰাপদ ! কোৱ৷ কি বৃদ্ধ ? লক্ষ্মীদাস।—সঁচাই কৈছে৷, আই ! তোমাৰ মাৰ৷ তো গলেই, তাৰো- পৰি তুমি যে অকলশৰীয়৷ হৈ একেবাৰে বিপদ-সাগৰত পৰিল৷! তুমি জন৷ নাই, তোমাৰ বি বয়স, যেনে রূপ, তোমাৰ শত্ৰু যে খোজেপতি। হৰিণাৰ মাংসৰ দৰে ৰূপেই যে তোমাৰ শত্ৰু! এতেদিনে যিখনি স্বর্গীয় স্নেহপূর্ণ হিয়া তোমাৰ একমাত্র আশ্রয় আছিল, সি যে আজি স্পন্দনহীন; নাৰাৰ যি দুটি অভয় বাহু তোমাৰ ৰক্ষাৰ্থে সুদৃঢ় দুৰ্গৰ দৰে আছিল, সেই দুটিও যে আজি কালৰ কৰাল আক্রমণত হলি গল। ইকি তোমাৰ কম বিপদ, যা ? কিন্তু জগদীশ্বৰক, তোমাৰ খোদাক সৰ্ব্বান্তৰে ধন্যবাদ দিয়া যে, তোমাৰ