পৃষ্ঠা:গুলেনাৰ.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। 7 10*01 প্ৰথম দৃশ্য। মন্ত্ৰণাগাৰ। আকবৰ। আক—ইকি সৰ্ব্বনাশ! অমৰ পলাল! বাহ্, কম নহয়তো, ছাবছি! মোৰ একমাত্ৰ প্ৰৱল প্ৰতিদ্বন্দ্বী প্ৰতাপসিংহক হাতৰ মুঠিলৈ আনিবলৈ এতেদিনৰ চেষ্টা যত্নত যি এটি সুযোগ পাইছিলোঁ। নিও গল! কেনেকৈ গল? সহস্ৰ সতৰ্ক প্ৰহৰীৰ চকুত ধুলি মাৰি বন্দী কেনেকৈ পলাল? বাহ্ বাহ্! বাঘৰ বাচ্ছা বায! নশলাগি নোৱাৰোঁ। এই কাৰণেই মই প্ৰতাপৰ গুণত মুগ্ধ! এই কাৰণেই তেওঁক মোৰ বশলৈ আনিবলৈ ইমান শ্ৰম যত্ন কৰিছোঁ—মই যি নতুন আশাৰে, নতুন ভাবে, এই মোগল সাম্ৰাজ্য স্থাপন কৰিছে৷, প্ৰতাপ মোৰ সহায় হলে, মোৰ সেই মহৎ আশ৷ সহজে পূৰ্ণ হব। বৰ্ত্তমান ভাৰতৰ হিন্দুজাতিৰ মাজত প্ৰতাপসিংহই প্ৰধান ব্যক্তি, তেওঁকেই আদৰ্শ মানি গোটেই হিন্দুস্থানবাসী চলে! ধৰ্ম্ম কৰ্ম্মত তেওঁ হিন্দুজাতিৰ আদৰ্শ, বীৰত্ব প্ৰতিজ্ঞাপালনত তেওঁ হিন্দু মুছলমান সকলো জাতিৰ আদৰ্শ। তেওঁক মোৰ হাতত পালে, ভাৰতৰ গোটেই