পৃষ্ঠা:গুলেনাৰ.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bra গুলেনাৰ। অমৰ—দাদা-দাদা চেলিম— যোৱ৷ ভাই! যোৱা বীৰ। মেবাৰ জননীৰ স্থসন্তান তুমি, মেহেৰবান খোদাই তোমাৰ কল্যাণ কৰক। অমৰ — ইয়াৰ প্ৰতিদানত মই তোমাক কি দিন দাদা? মই যে তোমাৰ - শত্ৰু। চেলিম—প্ৰতিদানৰ আশাৰেতো তোমাক মই মুক্তি দিয়া নাই কুমাৰ! জানো তুমি মোৰ প্ৰৱল শত্ৰু, হয়তো এদিন তোমাৰ দ্বাৰাই আমাৰ এই বিশাল সাম্ৰাজ্য বাপৰ দৰে উৰি যাব, হয়তো এদিন তোমাৰ হাততে মোৰ জীৱলীলাৰ সাঙ্গ তব, তথাপি মই তোমাক মুক্তি দিছো। তুমিতো মোৰ সাধাৰণ শত্ৰু নোহোৱা? আমাৰ পৰম শত্ৰু, আমাৰ গৌৰৱ, আমাৰ মহিমা! তুমি জীয়াই থাকিলে অমৰ, ভবিষ্যতত বীৰ-কীৰ্ত্তিৰ অত্যুজ্জ্বল মুকুটে মোৰ শিৰত শোভা দিব। কৰ্মক্ষেত্ৰত তোমাৰে প্ৰতিদ্বন্দ্বিতাত মোৰ গৌৰৱ-মহিম৷ অতি উজ্জ্বল হৈ জিলিকি উঠিব। আহা ভাই, তোমাক আজি এবাৰ বুকুত লওঁ। প্ৰতিদ্বন্দ্বিতাৰ মোহত ভবিষ্যতত এনে অৱসৰ নেপাব পাৰোঁ, তেতিয়া মোৰ প্ৰাণত এটা বৰ কষ্ট থাকি যাব। ( বুকুত লয় ) অমৰ—কায়মনে| প্ৰাণে জগদীশ্বৰৰ চৰণত প্ৰাৰ্থনা কৰোঁ, তোমাৰ শুভকামনা পূৰ্ণ হওক, তোমাৰ জীৱন মধুময় মঙ্গলময় হওক। এতিয়৷ তেনে বিদায় দাদা- ঢেলিম—যোৱ৷ ভাই! জন্মভূমিৰ অটুট গৌৰৱক চিৰকাললৈ ৰক্ষা কৰি জগতত অনন্তকাললৈ কীৰ্ত্তিমন্ত হোৱাগৈ।