পৃষ্ঠা:গুলেনাৰ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। মান—ওঁ ( বাঁহী বজায়, ৪টা সৈন্যৰ প্ৰবেশ ) বন্দী কৰ, বাধা দিলে কত্‌ল্‌ কৰিবি। ( সৈন্য আগবাঢ়ে অমৰে অস্ত্ৰ উলিয়ায়। ) অমৰ—কাপুৰুষ ক্লীৱ! নিজৰ প্ৰাণলৈ ইমান মমতা? ক্ষীণ দুৰ্ব্বল অনুচৰহঁতৰ শোণিতপাত কৰি লাভ কি? নিজে আহ, চাওঁ তোৰ শক্তি কিমান? মান—গব্বিতৰ বাচ্ছ। দাম্ভিক? ইমান সাহ! ( অস্ত্ৰ লই খেদি যায় ) ( চেলিমৰ প্ৰবেশ। ) 95 চেলিম—খবৰদাৰ হট্‌ যাও। মান—কোন? চাহজাদা? চেলিম—হয় মহাৰাজ! এইবাৰে৷ আপোনাৰ চেষ্টা মিছ। হল? নীচ প্ৰতিহিংসাবৃত্তি চৰিতাৰ্থ কৰিবলৈ এইবাৰে৷ সুযোগ নেপাল।? হাঃ হাঃ! শুনিছে? মেবাৰ যুবৰাজ মুক্ত! আপুনি এতিয়া মহললৈ যাওক গৈ। কেতিয়াবা পাৰে যদি সমৰক্ষেত্ৰত দ্বৈৰ্থ যুদ্ধত এই শোণিত তৃষ্ণাৰ তৃপ্তিসাধন কৰিব। এই দৰে অন্যায় ৰূপে নহয়, যাওক। মান—প্ৰত্যেক বাৰেই আপুনি মোৰ কাৰ্য্যত এইদৰে বাধা দিব ধৰিছে : যিমানেই হক লাগে, মানুহৰ ধৈৰ্য্যৰ সীমা আছে চাহজাদা! ইয়াৰ পৰিণাম ভাল নহব। চেলিম—মানসিংহ! নিজৰ মালেকক পৰিণাম সোৱৰাবলৈ আহ্? বাৰু স্পৰ্দ্ধ৷! এই মুহূৰ্ত্ততে মোৰ আগৰ পৰা আঁতৰ। নহলে মোৰ ক্ৰোধাগ্নিৰ পৰ৷ স্বয়ং বাদচাহেও তোক ৰক্ষা কৰিব নোৱাৰিব। মান—(স্বগতঃ) অপৰিণামদৰ্শী গৰ্ব্বিত! দেখ৷ যাৰ বাৰু। ( প্ৰস্থান )