পৃষ্ঠা:গুলেনাৰ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। কৰ৷ নাই, তেওঁ আমাক সদায় সকলো বিপদৰ পৰা ৰক্ষা কৰিব। চাহজাদাই অৱশ্যে সকলো ভাবিচিতি উপায় স্থিৰ কৰিহে মোক পঠাইছে। তুমি চিন্তা নকৰিবা। এতিয়া আহ৷ দাদা। মোৰে শপত শীঘ্ৰে ওলাই আহা। অমৰ – বাৰু তেনে বলা— 96- পঞ্চম দৃশ্য। বাজপথ। আনাৰ আৰু অমৰ। আনাৰ – এই খিনিতে ৰোৱা তুমি দাদা। মই ঘোৰ৷ পঠাই দিওঁগৈ৷ সাৱধানে থাকিবা। (প্ৰস্থান ) অমৰ— আনাৰ, তোমাৰ ঋণ কি মই এই জীৱনত পৰিশোধ কৰিব পাৰিম? ঈশ্বৰৰ পৰা পাবা—সৌটো কোন মানসিংহ! সৰ্ব্বনাশ! ( মানসিংহৰ প্ৰবেশ। ) মান—কোন তুমি? অমৰ — মেবাৰৰ যুবৰাজ, অমৰসিংহ। মান—অ' বন্দী! পলাইছ৷? অমৰ—বন্দী আছিলোঁ, কিন্তু এতিয়া আৰু নহওঁ। সাধ্য হয় ধৰ। পলাম কিয়?