পৃষ্ঠা:গুলেনাৰ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

2 গুলেনাৰ। উপযুক্ত একে| বস্তুৱেই মোৰ হাতত নাই। আছে মাথোঁ দুধাৰ তপত চকুলে৷,”তাকে জানো তুমি লবা ভনীটি? ওঃ আজি মই বন্দী! ৰাণা প্ৰতাপসিংহৰ পুত্ৰ অমৰসিংহ আজি শত্ৰুৰ হাতত বন্দী! আনাৰ—খোদা! থোদা! আজি ইকি দৃশ্য দেখুৱাল৷ মোক মৌলা? ইয়াতকৈ মোৰ মৰণেই মঙ্গল আছিল। যাৰ অযাচিত ভ্ৰাতৃ- মোৰ স্নেহময়ী জননীৰ অভাবে অনুভব কৰিবলৈ অৱসৰ নিদিছিল, বিশ্বৰ সকলোবোৰ আপদ অপায়ৰ গ্ৰাসৰপৰ৷ যাৰ অঙ্কুত্ৰিম পবিত্ৰ স্নেহে মোক বৰ্ম্মৰ দৰে আৱৰি আছিল, সেই সহোদৰ, মহৎ মহান স্নেহশীল অনৰ দাদা মোৰ আজি বন্দী, শৃঙ্খলিত! হায় খোদা! দাদা–চাহজাদাক ক্ষমা কৰক দাদা তেওঁ নিষ্ঠুৰ নহয়, কেৱল কঠোৰ কৰ্ত্তব্যৰ বাধ্য হৈহে— অমৰ—কব নালাগে আনাৰ! জানে৷, চাহজাদা যে কিমান উদাৰ, কিমান মহৎ সেইটে৷ মই নজন৷ নহওঁ। মনত পৰে আনাৰ? আজি সৰহ দিনৰ কথা নহয়, সেই দিন! – সেই প্ৰথম যেই দিন৷, তুমি চাহজাদাৰ আশ্ৰয় লাভ কৰা—সেই দিনা মহাপ্ৰাণ চেলিমে মোৰ কাৰণে দুৰ্জ্জয় নিষ্ঠুৰ মানসিংহৰ অঙ্কৰ মুখত বুকু পাতি দিছিল—মনত আছে? একৈ আনাৰ—আছে। তেনে আনাৰ! সেই চেলিমক কি মই কেতিয়াবা পাহৰিও নিৰ্দ্দয় নিঠুৰ ভাবিব পাৰে৷? অমৰ – তেনে? আনাৰ—এতিয়াও তেওঁ কম অনুগ্ৰহ, কম সহানুভূতি দেখুৱ৷ নাই দাদ৷! চোৱ৷, এইটে৷ তেওঁৰ নামাঙ্কিত আঙঠি। তোমাক মুক্তি দিবলৈ মোৰ হাতত দি পঠাইছে।