পৃষ্ঠা:গুলেনাৰ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। চতুৰ্থ দৃশ্য। বন্দীশাল। অমৰ আৰু আনাৰ। আনাৰ—দাদা ( আচলেৰে মুখ ঢাকি কান্দে ) অমৰ—ইকি! কোনে মাতে? মোকেই মাতিছেনে? এই স্বৰ যে মোৰ পৰিচিত, বহুদিনৰ পূৰ্ব্বেই শুনা, কিন্তু কত কেতিয়া কাৰ কণ্ঠত শুনিছিলোঁ? 96 আনাৰ—দাদ৷——দাদ) —–( কাষ চাপে ) অমৰ——ইকি! ইকি! ইকি দেখে৷ মই! আনাৰ! সঁচাকৈয়ে আনাৰ নে কোনোব৷ ছদ্মবেশিনী, এই নৰক তুল্য বন্দীশালত অভয়াৰূপিণী দেবীৰ আবিৰ্ভাব? দুয়োৰে৷ আক্বতি মিলিলেও প্ৰকৃতি নিমিলে দেখো। তেওঁ আছিল লাজসঙ্কোচহীন৷ মুকলি- মুৰীয়৷, বনবিহাৰিণী বালিকাৰ দৰে চঞ্চল হা্যময়ী প্ৰকৃতি কুমাৰী, আৰু এওঁ দেখে৷ ঐশ্বৰ্য্যশালিনী গাম্ভীৰ্য্যময়ী জ্যোতিমতী ধীৰা স্থিৰ॥ কোন তুমি? পূৰ্ব্বৰ আমাৰ সেই আনাৰেই নে আন কোনোবা। আনাৰ—মোক চিনিব পৰা নাই দাদা! মই যে তোমাৰ আনাৰ! অমৰ—আনাৰ, ভনিটি, তুমি? তুমি আজি মোৰ এই দুৰ্দ্দিনত এনে অসময়ত এই জঘন্য কাৰাগাৰত দেখা দি মোৰ শোক-সন্তপ্ত হিয়া শীত কৰিবলৈ আহিছা? ধন্য তোমাৰ স্নেহ, নাৰীৰূপী দেবী তুমি, আনাৰ। তুমি যে মোৰ স্নেহময়ী ভনিটীৰ দৰে দাদা বুলি মোৰ কাষলৈ আহিছ৷? মই দিম কি তোমাক? আজি মই শূন্য হস্ত। চেনেহৰ ভনিটিক স্নেহোপহাৰ দিবৰ