পৃষ্ঠা:গুলেনাৰ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। চেলিম—ইয়াৰ ফৌজদাৰী বন্দীশালত। আনাব—হ৷ খোদা! ( চকুলো টোকে ) চেলিম—কি কৰিম আনাৰ! সেনাপতিৰ কৰ্ত্তব্য, বৰ কঠোৰ, বৰ দায়ীত্বপূৰ্ণ। 98 আনাৰ—অমৰ – ( কান্দে ) ঢেলিম—শোক কৰিলে হব কি আনাৰ? তেওঁ যে মোৰ শত্ৰু! সুযোগ পোৱ৷ হলে মোকো তেওঁ এইদৰে বন্দী কৰি লৈ গলহেঁতেন। অনাব–তেওঁ যে মোৰ দাদা ( কান্দে ) ঢেলিম –তেওঁক তেনে এতিয়া মুক্তি দিব লাগে? আনাৰ—অমৰ দাদ৷ (সকৰুণ দৃষ্টিৰে চেলিমলৈ চায় ) চেলিম—তুমি নকলেও বুজিছে৷ আনাৰ। তোমাৰ সকৰুণ চকু দুটিয়ে মোক মিনতি ভাবে কৈছে, এই ঘটনাত তুমি অত্যন্ত শোক পাইছ॥ যোৱ৷ আনাৰ মোৰ এই নামাঙ্কিত আঙঠিটি দেখুৱাই তোমাৰ দাদাক মুক্তি দিয়াগৈ। ( আনাৰ অবাক হৈ চাই থাকে ) অবাক হল৷ যে, লোৱা লোৱা আঙঠি, পলম নকৰিব৷, ৰাতি বহুত হল। (আনাৰে আঙঠি লয়) বন্দীশাল নিচিন৷ যদি এই আঙঠিটো দেখুৱাই যেই যেই তাতাৰ প্ৰহাৰণী এজনীক লগত লৈ যোৱ৷, পলম নকৰিব। আনাৰ—চাহজাদা— • চৈলিম—সেইবোৰ এতিয়৷ থোৱা, যোৱ৷ আনাৰ! পলম কৰিলে সুযোগ হেৰাব, শীঘ্ৰে যোৱা।