পৃষ্ঠা:গুলেনাৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ ৷ নাউৰীক দেখিলে তেখেতৰ কোমল হিয়া পমি যাব, কন্যা- . তুল্য যত্নে তোমাক মহলত ৰাখিব।” মা ! আনাৰ।—আম্ম। ! আম্মাজান ! বদৰ ।—পানী— ; (আনাৰে পানী দিয়ে, মাকে খাই ) উঃ বাছ৷ মোৰ.! যা গুলেনাৰ, মোৰ চকুৰ মণি, তোমাক খোদাৰ হাতত সঁপিলে।, -মা ! ( মৃত্যু ) । আনাৰ। —মা--! ( মূৰ্চ্ছা যায় ) । ... ( লক্ষ্মীদাসৰ প্ৰবেশ। ) লক্ষ্মীদাস।—ইকি দৃশ্য দয়াময় ? ইকি লীল৷ তোমাৰ, লীলাময় ? আজীৱন যুদ্ধলিপ্ত এই কাঠচিতিয়৷ কঠোৰ প্ৰাণে এই সকরুণ দৃশ্য দেখি মমৰ দৰে পথে কিয় ? মোৰ এই হিয়৷ যে আন ভাবে গঢ়৷ ! ভাৰতৰ একমাত্র দিনকৰ মহাৰাজ প্রতাপসিংহ আজি কাল-আকবৰ-ৰাহুগ্ৰস্ত ; তেখেতৰ সাহায্যার্থে, জননী জন্মভূমিৰ কল্যাণার্থে এই অকামিলা ক্ষুদ্র প্রাণ বলি দিবলৈ আহিছিলোঁ; প্রতিজ্ঞা কৰিছিলোঁ, ভাৰত-শত্ৰু বিদেশী বিহী মুছলমান ৰক্তে ৰঞ্জিত হৈ ৰাঙলী বেশে মৃত্যুক বৰিম; এ-ি--- দেখিছে৷ মোৰ সেই প্রতিজ্ঞা কৰবালৈ গল । এই যে মোৰ সম্মুখতে মুছলমান, এইক হত্য৷ কৰি মোৰ প্ৰতিজ্ঞ৷ ৰক্ষ৷ কৰা দূৰে থক, টানি আনি বুকুত কুমাই লম যেনহে লাগিছে। সংসাৰৰ নিৰ্ম্মমত৷ ভেদি, যাৰ অযাচিত করুণাই এতেকাল শান্তি। হতীৰ দৰে সদায় দিনে বাতিয়ে এইৰ জীৱনৰ ওপৰেদি বই আছিল; সুখে দুখে, সম স্নেহময়ী, এই কন্যাগতপ্রাণ৷ মাকে আজি এইক এই কঠোৰ কুটিলতাময় সংসাৰ-মৰুত