সমললৈ যাওক

পৃষ্ঠা:গুলেনাৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গুলেনাৰ।
মাউৰীক দেখিলে তেখেতৰ কোমল হিয়া পমি যাব, কন্যাতুল্য যত্নে তোমাক মহলত ৰাখিব। মা!
আনাৰ।— আম্মা
বদৰ।— —পানী—;
আনাৰ।— মা—মা!

(লক্ষ্মীদাসৰ প্ৰবেশ।)

লক্ষ্মীদাস।— ইকি দৃশ্য দয়াময়? ইকি লীলা তোমাৰ, লীলাময়? আজীৱন যুদ্ধলিপ্ত এই কাঠচিতিয়া কঠোৰ প্ৰাণে এই সকৰুণ দৃশ্য দেখি মমৰ দৰে পথে কিয়? মোৰ এই হিয়া যে আন ভাবে গঢ়া! ভাৰতৰ একমাত্ৰ দিনকৰ মহাৰাজ প্ৰতাপসিংহ আজি কৰাল-আকবৰ-ৰাহুগ্ৰস্ত; তেখেতৰ সাহায্যাৰ্থে, জননী জন্মভূমিৰ কল্যাণাৰ্থে এই অকামিলা ক্ষুদ্ৰ প্ৰাণ বলি দিবলৈ আহিছিলোঁ; প্ৰতিজ্ঞা কৰিছিলোঁ, ভাৰত-শত্ৰু বিদেশী বিধৰ্ম্মী মুছলমান ৰক্তে ৰঞ্জিত হৈ ৰাঙলী বেশে মৃত্যুক বৰিম; এতিয়া দেখিছোঁ মোৰ সেই প্ৰতিজ্ঞা কৰবালৈ গল। এই যে মোৰ সম্মুখতে মুছলমান, এইক হত্যা কৰি মোৰ প্ৰতিজ্ঞ৷ ৰক্ষা কৰা দূৰে থক, টানি আনি বুকুত কুমাই লম যেনহে লাগিছে। সংসাৰৰ নিৰ্ম্মমত৷ ভেদি, যাৰ অযাচিত কৰুণাই এতেকাল শান্তি সুঁতীৰ দৰে সদায় দিনে বাতিয়ে এইৰ জীৱনৰ ওপৰেদি বই আছিল; সুখে দুখে, সম স্নেহময়ী, এই কন্যাগতপ্ৰাণা মাকে আজি এইক এই কঠোৰ কুটিলতাময় সংসাৰ-মৰুত