পৃষ্ঠা:গুলেনাৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭২ গুলেনাৰ। যোধ—কত? পিয়াৰা—খ৷ চাহেবৰ তাত—ৰ্থ৷ চাহেবে মোক বন্দী কৰি থৈছিল। যোধ—কোন থ৷ চাহেব? পিয়াৰ৷—উল্ফং খাঁ— চাহজাদাই যে বৃত্তি দিয়ে। যোধ—সি তোক বন্দী কৰিব কিয়? পিয়াৰ৷—কব নোৱাৰোঁ, বোধ হয় আনাৰৰ ইচ্ছাত— যোধ—কি? আনাৰে বন্দী কৰাব কিয়? পিয়াৰ৷—উভতি আহি মই আপোনালোকক কথাবোৰ কৈ দিওঁহি বুলি— যোধ—বাক যাওঁতে, আনাৰে তোক মাতি নিছিল নে তই আনাৰক মাতি নিছিলি? পিয়াৰ৷—আনাবে—আনাৰে—আনাৰেহে মোক মাতি নিছিল। সঁচাকৈ মৰিবলৈ জহনী যাবলৈ মই কেতিয়াও মিছা নকওঁ। যোধ—আনাৰৰ নে৷ তই কি এনে কথা দেখিছিলি যে তাকে আহি কৈ দিয়হি বুলি তয়ত বন্দী কৰাইছিল? পিয়াৰ৷—আগেয়ে দেখা নাই হয়। কালিহে মাথো দেখিছে৷ : যোধ—কি দেখিছিলি? পিয়াৰ৷—বেগম চাহেব—খ৷ চাহেবৰ লগত আনাৰৰ কথা — যোধ—চুপ চুপ্ বান্দী হাৰামজাদী, তোক কোল কৰিম, চবুৰ কৰ। কৈ হ্যায়? আবৃত্তি এই ছয়তানীকে৷ হিয়াছে নিকাল দো- ( এজনী বান্দী আহি পিয়াৰাক ধৰি লৈ যায় ) হাৰামী কামিন৷— মিছ৷ কথাৰ ভঁৰাল। তোৰ জিভ৷ কাটি পেলাম।