পৃষ্ঠা:গুলেনাৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। কোনোবা বান্দী এজনীয়ে আনাৰক ফুচুলাই মহলৰ বাজ কৰি উলিয়াই লৈ গৈছিল। আনাবে মুখ ফুটাই নকলেও ভাব-ভঙ্গীৰ দ্বাৰ৷ জানিব পাৰিছে৷ কথাটো সঁচা। বাৰু এইজনী বান্দী? কাৰ ইমান কলিজা? বিচাৰ কৰিব লাগিব। এতিয়াই কৰিম। কোন আছ (বান্দীৰ প্ৰবেশ ) আজি গল নিশা মহলত কোন কোন বান্দী অনুপস্থিত আছিল—কোন সময়ত গৈ কেতিয়া উভতি আহিছে, ভালকৈ বিচাৰ কৰি এতিয়াই জানিব দে বান্দী- —বেগম চাহেবা হুকুম হলে এই বান্দীয়েই সেই খবৰ দিব পাৰে॥ যোধ – ভালকৈ জান? ক! কিন্তু খবৰদাৰ, মিছা নকবি! বান্দী- —বেগম চাহেবাৰ খাছ বান্দী পিয়াৰ৷ গল ৰাতি গৰহাজেৰ আছিল। এই এতিয়৷ অলপতে উভতি আহিছে। কাৰণ সুধিলে একো নকয়। যোধ—মাত পিয়াৰাক। (বান্দীৰ প্ৰস্থান) ঠিক কথা, পিয়াৰাক এতে পৰে দেখা নাই, আন কালে সদায় জোকটোৰ দৰে মোৰ গাত লাগি থাকে—ঠিক! ঠিক! পিয়াৰাৰে কাম, তাইৰ নিচিন৷ জঘন্য চৰিত্ৰৰ তিকতাই কৰিব নোৱাৰ৷ কাম একোৱেই নাই। ( পিয়াৰাৰ প্ৰবেশ ) 93 নিশ৷ কত আছিলি? পিয়াৰ৷—বেগম চাহেব৷ মই— যোধ—ক, সঁচা কথা ক! পিয়াৰ৷— কালি বাতিৰে পৰ৷ আজি এতিয়ালৈকে খ৷ চাহেবৰ তাত বন্দী আছিলোঁ।