পৃষ্ঠা:গুলেনাৰ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। কাৰণৰ পম খেদি গৈ ঘটনা গম পাব লাগিলে মহা স্কিল, অমঙ্গল হবলৈ আছে। বাদচাহ বাদচাহজাদা সকলৰ মতি গতিৰ একে। স্থিৰতা নাই। তেওঁলোকে সকলো সময়তে সকলো ঘটনা ব৷ মানুহক আমাৰ নিচিনা চকুৰে নাচায়। চাহজাদাই উদ্ধত প্ৰকৃতিৰ বশত প্ৰকৃত ঘটন৷ বিচাৰ নকৰি লাগে যদি তোমাৰ প্ৰতি জল্লাদ হৈ উঠিব, — সাৱধান! যোৱা—এতিয়া আৰাম কৰাগৈ। আনাৰ—আৰাম! হা খোদা! মোৰ ভাগ্যত কি আৰু আৰাম আছে! ভাল, আপুনি কৈছে যেতিয়া মই যাওঁ। আপুনি কিন্তু মোক এধানমানো সন্দেহ নকৰিব। খোদা আৰু নবীক সাক্ষী কৰি কৈছো, মই একেবাৰে নিৰ্দোষ, নিষ্পাপ। 90 উছে। যোদ—তুমি মোক কব নালাগে আনাৰ! তুমি নকলেও মোৰ প্ৰাণে কৈছে, তোমাৰ অন্তৰত খুদমানো চেকা নাই। তুমি সম্পূৰ্ণ নিৰ্দোষ। কোনোব| কুচক্ৰীৰ চক্ৰত পৰিহে তুমি কিব৷ এটা ভুল কৰিছা। বাৰু এতিয়৷ যোৱ৷ আৰাম কৰাগৈ ( আনাৰৰ প্ৰস্থান ) ঘটনা অতি বহস্যময়, অতি জটিল যেন আমাৰ যে নিষ্কলঙ্ক তাত কিন্তু সন্দেহ নাই। এনে বৰলতাৰ প্ৰতিমূৰ্তি খনিত যে কলঙ্কৰ বিন্দুমাত্ৰও চেক৷ থাকিব, ই একেবাৰে প্ৰকৃতিবিৰুদ্ধ, অসম্ভৱ। আনাৰ যদিও মোৰ হিংসাৰ পাত্ৰী, মোৰ হৃদয় দেৱতাৰ আদৰৰ সামগ্ৰী যেতিয়া, তেওঁৰ হৃদয় ব্যাধিৰ একমাত্ৰ মহৌষধি যেতিয়া, মোৰো আদৰৰ যতনৰ ধন। মই আনাৰৰ সহায় হম, এই জটিল ঘটনাৰ ৰহস্য উলিয়াম। আনাৰৰ কিব৷ দুখৰ কাৰণ আছে যদি তাৰ প্ৰতিকাৰ কৰিম, মেহেৰুন্নিছাই কোৱা মতে মহলৰ