পৃষ্ঠা:গুলেনাৰ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। আনাৰ – কি কম বেগম চাহেবা। - ( তলমূৰকৈ থাকে ) যোধ-- — তুমিনো কালি নিশা কলৈ গৈছিল।? চাহজাদা বিদেশত ময়ো মহলত নাছিলোঁ, কাকে। নোকোৱ৷ নেমেলাকৈ ৰাতি কলৈ ওলাই গৈছিলা। চাহজাদাই শুনিলে কব কি? কান্দিলে কি হব? কোৱা হৈছিল কি? মেহেবে তোমাক কেনেকৈ পালে। আনাৰ—( কান্দি ) কি কম বেগম চাহেব৷—? যোধ—কান্দিছা কিয়? কি হৈছে তোমাৰ? নাকান্দিবা, মোৰে শপত, কোৱ৷, বিশ্বাস কৰি সকলো কথা ভাঙ্গি কোৱা—সকলে৷ কথ৷ মোৰ গাত পাতি নম। মই শপত খাইছো, তোমাৰ প্ৰতি মোৰ এতেদিনে যি ঈৰ্ষা হিংস৷ দ্বেষ আছিল, সকলোবোৰ সমুলি পবিত্যাগ কৰি, আজিৰ পৰা তোমাক মোৰ ভগ্নিৰূপে গ্ৰহণ কৰিলে॥ তোমাৰ পেটৰ কথা ভাঙি নকবানে? কোৱ৷ আনাৰ হৈছিল কি? মেহেৰহঁতৰ মহল তুমি কেনেকৈ পালাগৈ? কাৰ লগত গৈছিলা, আৰু এতিয়ানে৷ কিয় তুমি এনে কৰিছা? কোৱা ভনিটি, শপত দিছে৷ নহয়, কোৱ!। আনাৰ—( ভৰিত ধৰি ) মই আপোনাৰ ভৰিত ধৰি মাতিছো, মোক ক্ষম৷ কৰক। এতিয়াই মই আপোনাক একো কব নোৱাৰো, পাছত সকলে৷ কথা ভাঙি কম। আপুনি ইমান দৰে অভয় দিছে, যেতিয়া আপোনাক নকৈ কম কাক? এতিয়৷ মোক ক্ষমা কৰক, পাছত কম। যোধ—বাক পাছত হলেও কব৷, কিন্তু তুমি এই দৰে শোক কৰি মন মাৰি নেথাকিবা, আগৰ দৰে মুকলি মনেৰে হাঁহি মেলি থাক॥ চাহজাদা উভতি আহিবৰ হৈছে, তোমাৰ মন মৰাৰ