পৃষ্ঠা:গুলেনাৰ.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। মেহেৰবাণী কৰি মোৰ গৰীবখানালৈ আহিছ৷ যেতিয়া অলপ খাতিবদাৰি নকৰিলে অৰছিকত। হব যে? পিয়াৰ৷—মোক কি তেনে সঁচাকৈয়ে মাৰি পেলাবলৈকে থিৰ কৰিছ৷? ' উল্‌—মাৰি পেলাম! তোমাক? বাহ বাহ, জান! এয়ে তোমাৰ আক্কেল ( পানী লই হেদায়তৰ প্ৰবেশ ) আপোনাৰ হাতেৰেই তেওঁৰ চকুৱে মুখে পানী অলপ ছটিয়াই দিয়ক ( হেদায়েতে তাকে কৰে, আনাৰৰ চেতনা আহে ) হেদা—ভয় নকৰিব৷ মা! আমি তোমাৰ অপৰিচিত হলেও শত্ৰু নহওঁ মিত্ৰ। এই পিশাচীৰ হাতৰপৰ৷ ৰক্ষ৷ কৰিবলৈহে চেষ্টা কৰিছো। ( আনে নুশুনাকৈ খাঁ চাহেবৰ প্ৰতি ) এতিয়া কি কৰ৷ যায় হে? এইক কত থৈ অহা যায়? মোৰ মহললৈ হলে নিব নোৱাৰে৷—নিৰপৰাধিনী ছোৱালীটীৰ নিষ্কলঙ্ক নামত মিছ৷ কলঙ্ক ৰটিব। উল্‌—এট৷ উপায় আছে, যদি আপুনি মেহেৰবাণী কৰি আৰু অলপ কষ্ট কৰে হেদ৷—কি কোৱ৷— উল্—সৌটে৷ মিৰ্জ্জ। চাহেবৰ মহল, তাত থৈ আহিব পাৰিলে আৰু একো ভয় নাই। মিৰ্জ্জ! চাহেবৰ জীয়েক মেহেৰউন্নিচা প্ৰায় সদায় বেগমৰ মহললৈ গৈ থাকে, মেহেৰৰ লগত এওঁক থৈ আহিব পাৰিলে সহজে পুনৰ মহললৈ যাব পাৰিব। হেদ|--ভাল কথা—তালৈকৈ লৈ যোৱা হক। (আনাৰক ) বলা মা! তোমাক সৌ মহলত থৈ আহোঁগৈ৷ তোমাৰ ভালৰ কাৰণেই কৈছে৷— আনাৰ-কাৰ মহলনে। সেইটে।?