পৃষ্ঠা:গুলেনাৰ.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। ( সবেগে উল্ফৎ আৰু হেদায়তৰ প্ৰবেশ ) উল্‌—তেৰে ৰেৰে ৰেৰে ৰেৰে ( পিয়াৰাক ধৰি বান্ধি পেলায় ) আনাৰ—আল্লাহ’ ( মূৰ্চ্ছা যায়, হেদায়ৎ অবাক হৈ থাকে ) পিয়াৰ৷—খঁ৷ চাহেব, তোমাৰ এই কাম! ইমান ভাল পোৱা, ইমান গভীৰ প্ৰেম পিৰীতিৰ এয়ে পৰিণাম! উল্–হাঃ হাঃ হাঃ! গভীৰ প্ৰেম পিৰীতি! বাহ! বাহ! বাহ! আফছোছ কৰিছ৷ কিয় বিবিজান? তুমি মোক যেনে গভীৰ ভাবে ভাল পোৱা, মই তাৰ ঠিক তেনে গভীৰ প্ৰতিদানেই দিছে৷। হুজুৰ আপুনি পানী এটোপা আনক, সৌ তেওঁ বেহুছ হল যে। 3 (হেদায়তৰ প্ৰস্থান ) মোৰ লগত বাহাদুবি? আচ্ছা! শীঘ্ৰে ইয়াৰ প্ৰতিফল পাব৷, অনাহাৰত তোমাক তিল তিলকৈ দগধি মাৰিম। উল্‌—সেইটো তোমাৰ মেহেৰবাণী, বিবি চাহেব৷! তুমি যেনে ভাল দেখা তাতে বান্দা মঞ্জুৰ। কিন্তু মোটৰ ওপ- - অঁকৰা এইবাৰ মৈত উঠিল। পিছে পিয়াৰী বিবি, অলপ কষ্ট হৈছে নহয়নে? পিয়াৰ৷—ইমান স্পৰ্দ্ধ৷ তোমাৰ খাঁ চাহেব? পিয়াৰ৷—এৰ৷ খঁ৷ চাহেব— বান্ধবোৰ মোকোলাই দিয়া, সহিব নোৱাৰা হৈছে৷ যে! এনে যাতনা অপমান জন্মাবধি মই কেতিয়াও পোৱ৷ নাই—এৰা মোৰ জান। এৰি দিয়া—আজিৰ পৰা তুমি যিহকে কব| তাকে শুনিম। উল্‌—সেইটে| আৰু কি হয় বিবি চাহেবা? ইমান শীঘ্ৰে কি তোমাক বিদায় দিব পাৰে৷! তুমি যে মোৰ গভীৰ প্ৰেমৰ প্ৰেমিক৷