পৃষ্ঠা:গুলেনাৰ.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। উভতি অহাৰ পূৰ্ব্বে আমি ঘৰ পামগৈ, তেনে ভয়টে৷ কিহৰ? আৰু সৰহ যাব নেলাগে, সৌৱা পালোঁহিয়ে। আনাৰ—কিন্তু মোৰ বৰ ভয় লাগিছে। পিয়াৰ৷—ভয় লাগেতো। কিন্তু মই পাৰোঁতে আনিছে৷ জানোহুঁ? ভাবি চোৱাচোন, তেওঁ লাহোৰৰ পৰা আহিছে নহয়। দুখ কষ্ট সহি, কত টকা পইচ৷ ভাঙি, কেৱল তোমাকে এবাৰ চাবলৈ বুলি নহয়? তোমাৰ নিচেই আপোন, তোমালোক আগৰ সেই তাতে আছ৷ বুলি তেওঁ বিশ্বাসী মানুহ এটা পঠাই খবৰ লোৱাইছিল, মানুহটে৷ উভৰ্তি গৈ তোমাৰ মা’ৰা ধুকাল আৰু তুমিও কৰবালৈ গুচি গলাগৈ বুলি কোৱাত, কান্দি কাটি তেওঁ বাউলী যেন হৈ উঠিল। পাছতে তোমালোকৰ সেই পুৰণি বাসস্থানলৈ গৈ মাৰাৰ কবৰৰ কাষতে পজা এটি সজাই তাতে থাকিবলৈ ললে। আই ঐ দেহি! নিতৌ নাৰাৰ কবৰত ফুল আদি দি কবৰৰ ওচৰতে বহি কান্দি থাকে। এদিন বহি কান্দি থাকোতে থাকোঁতে সেই কালেই টোপনি গল—সপোনত তোমাৰ মাৰাই “আগ্ৰালৈ গৈ মোৰ আনাৰক এবাৰ চাই আহাগৈ” বুলি কোৱাত, অত দুখ কষ্ট কৰি লৰি আহিছে। আৰু “মোৰ অমুক অমুক কথা কেইটা মনে মনে কৈ আহিব৷” বুলি কোৱাত লৰি আহিছে। মাৰেনে৷ তোমাক কি কবলৈ কৈছে; মই সোধাত মোক নকলে, বোলে অতি গুপুত কথা, আনাৰক হে মনে মনে কব পাৰিম। আনাৰ—আম্ম৷! আম্মাজান! এতেকাল স্বৰ্গত থাকিও মোলৈ তুমি পাহৰ৷ নাই! ধন্য তোমাৰ বাৎসল্য স্নেহ! ধন্য মাতৃ প্ৰাণ! «