পৃষ্ঠা:গুলেনাৰ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অঙ্ক। উল্—চাহাজাদাই গুলেনাৰ নামেৰে বান্দী এজনী মহলত আনি থৈছে, আপুনি কব পাৰে বোধ হয়— হেদ৷—শুনিছে৷, পাছে কি হল? উল্—তাইক আজি নিশ৷ মহলৰ আন এজনী পুৰণি বান্দীয়ে মহলৰ পৰা ফুচুলাই উলিয়াই আনি বাহিৰত এৰি থৈ যাবহি। চৰিত্ৰহীন৷ বুলি অপবাদ দি মহলৰ পৰ৷ আনাৰক খেদোৱাই তাইৰ উদ্দেশ্য। হেদা—সেই বান্দী জনীৰ নাম কি? উল্‌—তাইৰ নাম মই নাজানো। হেদা—তুমি এই গুপুত কথা কেনেকৈ জানিব পাৰিল৷? উল্‌—সেই সকলোবোৰ কথা পাচতো কম হুজুৰ। এতিয়৷ সময় হৈ আহিছে, সিহঁত আহি পায়হিহে লাগে। আপুনি সতীৰ সতীত্ব ৰক্ষাৰ্থে সদায় সচেষ্টিত বুলি খ্যাত, সেয়েতে৷ আপোনাৰ সহায় বিচাৰি আহিছোঁ। আপুনি যদি মোৰ কথা বিশ্বাস কৰিব পৰা নাই, মোক সহায় কৰিবলৈ ইচ্ছা নকৰে, উভতি যাওক গৈ। মই কিন্তু সঁচা কথা কৈছোঁ। নিৰপৰাধিনী সতীৰ সতীত্ব ৰক্ষা নকৰিলে পাপে চুব, তাক মন কৰিব। হেদ৷—বাৰু এতিয়ানে৷ তুমি কি কৰিব খোজা? উল্‌—আনাৰক উদ্ধাৰ কৰিব লাগে, নহলেতো তাই বৰ ভয়ানক বিপদত পৰিব। হেদ৷—উদ্ধাৰৰ কি উপায় কৰিছ৷? উল্‌—যদি মেহেৰবাণী কৰি এই মহৎ কাৰ্য্যত মোক সহায় কৰিবলৈ স্বীকাৰ কৰে, তেতিয়াহে মই সকলো কথা ভাঙি কব পাৰে॥ হেদ৷—( স্বগতঃ ) নিজে' চৰিত্ৰহীন হলেও মই কেতিয়াও কাৰো সতীত্ব