পৃষ্ঠা:গুলেনাৰ.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। বাহাদুৰে যে তেওঁক এবাৰ মনত কৰিছিলে, এয়ে এই দীন- হীনৰ মহা গৌৰৱৰ বিষয়। আক—তুমি নিজেই বাৰু ভাবি চোৱা মহাৰাজ! যিজন বীৰে হিন্দুস্থানক অবনত কৰিও তৃপ্ত হোৱা নাই, যাৰ ক্ষমতা সিন্ধুনদ পাৰ হৈ গৈছে, যাৰ বীৰত্ব তেজে গনী নগৰকে৷ হতবল কৰিলে; যদি সেই বীৰত্ব, সেই ক্ষমতা, সেই তেজ, ঠাই বিশেষত প্ৰতিষ্ঠিত নহয়, তেন্তে, এয়ে তেওঁৰ অকলঙ্ক বীৰ-চৰিত্ৰত চিৰকাললৈ কলঙ্কশ্বৰূপ হৈ নাথাকিব নে? মান—বাদচাহৰ হুকুম হলে, এই দানে হাঁহিমুখে অনল শয্যাত শুব পাৰে, সাগৰত জাঁপ দিব পাৰে, শূন্য হাতে সিংহৰ গীতত সোমাৰ পাৰে, তথাপি কি বাদচাহৰ কোনো ইচ্ছা অপূৰ্ণ থাকিবলৈ দিব? অধীনে জানিব পৰা নাই, কতনো সি বাদচাহৰ জয়ধ্বজ| উৰাবলৈ চেষ্টা কৰা নাই। আক—মেৱাৰ—মেৱাৰ—প্ৰতাপসিংহ। মান—( ঠিয় হৈ ) প্ৰতাগ প্ৰতাপসিংহ! মেৱাৰৰ গৰ্ব্বিত দাম্ভিক প্ৰতাপসিংহ! নিঃৰ্কিন নিছলা ভিকহু কুটীৰবাসী প্ৰতাপসিংহ! সি যে মোৰ হিয়াত আঘাত কৰি থৈছে, সি যে মোৰ অন্তৰত তীব্ৰ বিষ ঢালি থৈছে! মই তাৰ সৰ্ব্বনাশ কৰিম, মই তাক বান্ধি আনি বাদচাহৰ চৰণতলত পেলাই দিমহি। মই তাক পথৰ ভিখাৰী কৰিম। অন্নহীন কবিম। তাক মই মোৰ ভৰিত ধৰি কন্দুৱাম— যদি মই মানসিংহ হওঁ! -0*0-