পৃষ্ঠা:গুলেনাৰ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। পৃথ্বী—কিন্তু প্ৰতাপৰ প্ৰতাপ আছে, আৰু নেয়ে থাকে মানে কাৰে৷ সাধ্য নাই যে তেওঁক জয় কৰে। এই দীন অধীনৰ বিশ্বাস, প্ৰতাপসিংহ কেতিয়াও কাৰে| নত নহয়। ( খোজাৰ প্ৰবেশ থোজ৷—মহাৰাজ মানসিংহ বাহাদুৰ এই ফাললৈকে আহিছে। ( খোজাৰ প্ৰস্থান ) ( নকীবৰ প্ৰবেশ ) নকীব—অম্বৰৰাজ, বিচহাজাৰী মনছবদাৰ, অতুল প্ৰতাপ, চাহেনচাহ জাহাপানাৰ অনুগ্ৰহ ভাজন, ৰাজপুত চুড়ামণি, মহাৰাজ মান- সিংহ বাহাদুৰ উপস্থিত। নকীবৰ প্ৰস্থান ( মানসিংহৰ প্ৰবেশ ) আক—বীৰবৰ তুমি আহি পোৱাৰ বহু পূৰ্ব্বেই তোমাৰ যশসৌভ আহি মোৰ ওচৰ পালেহি, বহা। এতিয়াও আমি কানাবেই কথাবাৰ্ত৷ পাতি আছিলো। মান——এই ক্ষুদ্ৰ নগণ্য জনৰ আলোচনাত, বাদচাহ বাহাদুৰৰ মহামূলীয়া মুহূৰ্ত্ত এটিও কাটিছে, এই স্থসম্বাদতকৈ অধিক গৌৰৱৰ, প্ৰশংসাৰ আৰু অনুগ্ৰহৰ কথা মানসিংহে আৰু একো নেজানে। আক—আমি কিন্তু তোমাৰ নিন্দাহে কৰিছিলোঁ। বহ— ( মানসিংহ বহে ) মান—এই অধমৰ কি এনে গুণ আছে যে বাদচাহ ছালামতৰ প্ৰশংসা লাভ কৰিব? নিন্দাতে হওক বা প্ৰশংসাতে হওক বাদচাহ