পৃষ্ঠা:গুলেনাৰ.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। আক—সঁচা, প্ৰতাপৰ বীৰত্ব যে অতুল তাত সন্দেহ নাই। সেই কাৰণে মই তেওঁক অন্তৰেৰে প্ৰশংসা কৰে৷, তেওঁক শ্ৰদ্ধা- ভক্তিৰ চকুৰে চাওঁ, আৰু সেই কাৰণেই মই তেওঁক ঈৰ্ষা কৰে॥ সেই সিংহই যদি মোৰ জালত নপৰিল, তেন্তে মোৰ কৌশলৰ মূল্য কি? সেই দৰ্পই যদি নাভাগিল তেনে মোৰ গৌৰৱ কিহব? সেই সৰ্ব্বশ্ৰেষ্ঠ বীৰেই মোৰ বস নহল যদি কিহৰ শক্তি মোৰ? মোৰ এই সম্মিলিত সুশিক্ষিত স্থসজ্জিত মোগল ৰাজপুত বীৰ সৈন্যবিলাকে এই পৃথিবীখনক অনায়াসে এটা বাটলু গুটিৰ দৰে ঘুৰাই পেলাব পাৰে, প্ৰতাপৰ নিচিনা মানুহ এটাক বলে নোৱাৰিব? পৃথ্বিী—জাহাপানা! জয় পৰাজয় হৈছে বিধাতাৰ নিয়োজিত ফল, শক্তি, প্ৰতাপ, বা ছল কৌশলেৰে তাক পোৱা নাযায়। মহা প্ৰতাপান্বিত ভাৰত সম্ৰাট চাহেনচাহৰ লগত নিঃকিন ভিকহু প্ৰতাপৰ তুলনাই হব নোৱাৰে যাৰ পাৰ্শ্বচৰ মানসিংহ, যাৰ অনুগত মহাবৎ খাঁ, ৰায় বীৰবৰ, বলসিংহ, সাগৰৰ্জী, শোভাসিংহ আদি বীগণ যাৰ আশ্ৰিত; যাৰ সাম্ৰাজ্য আসমুদ্ৰ বিস্তৃত, যাব সৈন্যসংখ্যা সংখ্যাতীত, যাৰ বিক্ৰমত ভাৰত অৱনত, তেনে এজন সৌৰ্য্যবীৰ্য্যশালী, প্ৰৱল-প্ৰতাপী বাদ- চাহেৰে, ক্ষুদ্ৰ মেৱাৰৰ ধনজনশূন্য প্ৰতাপসিংহৰ তুলনাই হব নোৱাৰে। কিন্তু জাহাপানা— ( খোজাৰ প্ৰবেশ ) খোজ৷—জাহাপান৷ ছালামত! মহাৰাজ মানসিংহ যুদ্ধৰপৰা উভতি আহিছে। আক—আচ্ছা- খোজাৰ প্ৰস্থান )