পৃষ্ঠা:গুলেনাৰ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

&b- গুলেনাৰ। a স্বীকাৰ কৰিব, কিন্তু বাদচাহে নিজেই জানে এতিয়াও বাজপুত কুলত এনে একোজন বীৰ আছে, যি অম্বৰেশ্বৰক তৃণ হেন ভাবে, অসি চালনাত তেওঁক কিছুদিন উপদেশ দিব পাৰে। বিক্ৰমত অতুল, প্ৰতিজ্ঞা পালনত দৃঢ়ব্ৰত, বণ- কৌশলত সৰ্ব্বশ্ৰেষ্ঠ এনে বহুতো বীৰ ৰাজস্থানৰ কাষৰে পিজৰে এতিয়াও আছে। এনেবিলাক অসামান্য বীৰতকৈ যে মানসিংহ শ্ৰেষ্ঠ, এই কথা অধমে স্বীকাৰ নকৰে। আক—মোৰ বোধ হয়, তুমি প্ৰতাপসিংহক ভাবি এই কথা কৈছা! মই স্বীকাৰ কৰোঁ, প্ৰতাপৰ প্ৰতাপ অতুল, তেওঁ অদ্বিত বীৰ, প্ৰতিজ্ঞ৷ পালনত সৰ্ব্বশ্ৰেষ্ঠ; কিন্তু পৃথ্বীৰাজ, প্ৰতাপৰ এই প্ৰতাপ আৰু সৰহ দিন নাথাকে, মানসিংহৰ দ্বাৰাই প্ৰতাপৰ গৰ্ব্ব খৰ্ব্ব কৰাম চাবা, এইবাৰ তেওঁৰ পৰাক্ৰমৰ পৰীক্ষা হব। পৃথ্বী—বাদচাহ ছালামতে উচিত বক্তাক সদায় ভাল, পায় পুতৌ কৰে, এই সাহসতে এই দাসে নিৰ্ভয়ে কয় যে প্ৰতাপৰ প্ৰতাক অৱনত কৰ৷ তেনে সহজ নহয়। মানসিংহে তেওঁক অৱনত কৰাতে৷ যে অসম্ভবেই। ক্ষুদ্ৰ মানসিংহে প্ৰৱল-প্ৰতাপী প্ৰতাপৰ বিৰুদ্ধে কি কৰিব পাৰে? প্ৰতাপৰ প্ৰৱল প্ৰতাপত মানসিংহ মাতঙ্গ উটি বুৰি ভাহি যাব। (স্বগতঃ ) প্ৰতাপ সাৰ্থক তোমাৰ জন্ম! তোমা হেন বীৰপুত্ৰ লভি ৰাজস্থান গৌৰৱান্বিত। কিন্তু সাগৰত ঢল আহিছে, সকলো উটি যাব, জগত জুৰি ধুমুহ৷ আহিছে, সকলো উৰি যাব, নিস্তাৰ নাই তথাপি চেষ্টা কৰ৷ ভাল, চেষ্টা কৰা, চোৱা, কিব৷ উগায় পোৱাই বা।