পৃষ্ঠা:গুলেনাৰ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। এটায়ে নিজ নিজ ধন প্ৰাণ মহাপ্ৰাণ মহাৰাণাৰ কামত উছৰ্গ। কৰিব। অমৰ — ভাল কথা, মই থাকিলে যদি কিবা কাম হয় থাকিম, একে। কথা নাই. কিন্তু আৰ্য, মোৰ নিবেদন, কোনো দুৰ্ব্বল অক্ষম প্ৰজাই যেন ৰাজভক্তিৰ উৎসাহত উত্তেজিত হৈ অনৰ্থক কষ্ট নাপায়, চকু ৰাখিব। ঝালা—সেইটো নিশ্চয় চোৱা যাব। বাক এতিয়৷ তুমি ভিতৰলৈ যোৱা, বিশ্ৰাম কৰাগৈ পঞ্চম দৃশ্য। আকবৰৰ মন্ত্ৰণাগাৰ। আকবৰ আৰু পৃথ্বীৰাজ। আক—কি কোৱ| ৰাজকবি! মানসিংহৰ নিচিন৷ অজেয় যোদ্ধ৷ ভাৰতত আৰু কোনোবা আছেনে? পৃথ্বী—এই কথা কোনে অস্বীকাৰ কৰিব পাৰে জাহাপান৷? দিল্লীৰ বাদচাহৰ নিচিন৷ প্ৰতাপশালী সম্ৰাটৰ ইচ্ছাধীনত সিবিলাকে কাম কৰে, তেওঁলোকৰ প্ৰত্যেক কামেই সফল হব লাগিব। তাতে আকৌ মানসিংহ এজন অসাধাৰণ যোদ্ধা! আক—মানসিংহ মোৰ সোঁহাত, মানসিংহ বীৰ চূড়ামণি! বোধ কৰোঁ, তুমি মানসিংহৰ নিছিন৷ অদ্বিতীয় আন কোনে৷ বীৰৰ নাম কব নোৱাৰা। পৃথ্বী—বাদচাহে বোধ হয় এইযাৰ কথ| অন্তৰৰ পৰা কোৱা নাই মানসিংহ যে এজন আসাধাৰণ বীৰ, তাক সকলোৱে মুক্তকণ্ঠে