পৃষ্ঠা:গুলেনাৰ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাব। এই বীৰত্ব মহত্ত্বৰ কাৰণেই বংশানুক্ৰমে তোমালোক আমি সকলে৷ ৰাজপুতৰ শিৰৰ মুকুট। তুমি যি কৈছ৷ সেইটো কেৱল তোমালোক পিতা পুত্ৰৰ হে মুখত শোভা পায়, কিন্তু কুমাৰ, স্বজাতি শত্ৰু বৰ ভয়ানক! মানসিংহ সাগৰজী আদি ৰাজপুত কুলগ্লানি বিভীষণ হতে আমাৰ যুদ্ধৰীতি প্ৰকৃতি শক্তি উপায় সকলোকে ভালকৈ জানে, তাৰ উপৰি সিদিনা মানসিংহক অশেষ অপমান কৰি পঠাইছে৷ সি পাহৰ৷ নাই, চাবা কুমাৰ এইবাৰ যুদ্ধ যে সহজ, নহয় তাত একনিমানো ভুল নাই। ঝালা—অমৰ, অমৰ—আপুনি যথাৰ্থ কৈছে। মই কিন্তু কওঁ এতিয়াৰে পৰা আমালোকে ভালকৈ ভাবি চিতি এনে সতকৰ্তা অৱলম্বন কৰিব লাগে যাতে শত্ৰুৰ সকলো বল-বুদ্ধি অথলে যায়। ঝাল৷—আমাৰ সৈন্য সংখ্যা যিমানে হক লাগে, বিপক্ষৰ সৈন্য সংখ্যাতকৈ যে বহুতো কম হব, তাত তিলমানে৷ সন্দেহ নাই। তাকে চাই চিতি শুকৌশলে ভাল এঠাইত থব পাৰিলে কিছু TOTN থাকে। অমৰ—আপোনালোকে যিটো ভাল যেন দেখে তাকে কৰক। পাছে এতিয়| যাতে আৰু কিছু সৈন্য সংগ্ৰহ হয় তাৰ উপায় কি? ঝাল৷—মোৰ অধীণত প্ৰায় পাঁচ হাজাৰ মান সৈন্য আছে, তাৰেই মোৰ শক্তি অনুসৰি যিমান পাৰে৷ কৰিম। তুমি যদি থাক।, আৰু পাঁচ হাজাৰ মান সৈন্য গোটোৱাব পৰা যাব। তুমি থাকিলে কামটে৷ সহজ হব, কাৰণ তুমি নিজে সৈন্য সংগ্ৰহৰ চেষ্টাত ইয়ালৈ আহিছ৷ বুলি শুনিলে, ৰোগী দুৰ্ব্বল ডেক৷ বুঢ়া মতা- তিৰোত৷ এটাইবোৰে উৎসাহত উন্মত্ত হৈ উঠিব। আৰু