পৃষ্ঠা:গুলেনাৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। ( আনাৰৰ প্ৰবেশ ) ( হাঁহি ) খং কৰিছা? আহ৷ মোৰ ওচৰলৈ আহা, এই খিতে বহ৷, সিদিন| ঈৰ্ষ্যাত ক্ৰোধান্ধ হৈ বহুত টান কথা কলে৷, মাফ কৰ| আনাৰ। তুমি যে মোৰ ভনিটি (চুম| খায় ) আনাৰ—বেগম চাহেব|— চতুৰ্থ দৃশ্য! ঝালাৰাজ মানাহ সিংহৰ মন্ত্ৰণাগাৰ। মানাহ আৰু অমৰ। ঝাল৷—অমৰ! তোমাৰ কি বোধ হয়? মেবাৰৰ জয়ৰ আশা আৰু একেব ৰেই নাই নেকি? অমৰ— মেবাৰৰ জয়ৰ আশ৷ নাই—– এই কথা মই কব নোৱাৰোঁ। যি মেবাৰে ভুলতে৷ কেতিয়াও কাৰে৷ তলহাত হোৱা নাই, এতিয়া সেই মেবাৰৰ একেবাৰে এনে অধঃপতন হোৱাটো মো বিশ্বাস নহয়। ঝালা—কিন্তু কুমাৰ! আকবৰৰ উদ্যম বৰ সহজ নহয়, তাতে ৰাজপুত কলঙ্ক মানসিংহ আছে। অমৰ—তথাপি আৰ্য্য, আপুনি এনে ভাবেনে যে আমাৰ ইমান শ্ৰম, এতেক যত্ন সমূলি বিফলে যাব? সঁচা, বহুতে| ৰাজপুতে স্বদেশ- গৌৰৱ পৰিহৰি আকবৰৰ বশ্যতা স্বীকাৰ কৰিছে; তথাপি আমি ইমান নিস্তেজ হলে। নে যে মোগলক মৰুভূমিৰ পাৰ কৰি থৈ আহিব নোৱাৰিম?