পৃষ্ঠা:গুলেনাৰ.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • 08

গুলেনাৰ। ঘৃণিত নীচ নৰাধম পশুৰ উদ্ভৱ হল! ইয়াৰ পূৰ্ব্বে এনে অলৌকিক জ্ঞান তোমাৰ কত লুকাই আছিল? মোগলক মই নিজে বৰিছিলে৷ নে, বিদেশী, বিজাতি, বিধৰ্ম্মীৰ চৰণত তোমালোকে নিজেই মোক বিকি তোমালোকৰ উন্নতিৰ পথ মোকোলাই লৈছিল৷? ছি ছি! তোমাৰ প্ৰতি এতেদিনে মোৰ যি এফেৰি শ্ৰদ্ধা ভক্তি আছিল, সোপাকে আজি হিয়াৰ পৰা মছি পেলালে॥ আজিৰ পৰ৷ তুমি মোৰ ভ্ৰাতৃ নোহোৱা, মান—ওঁ, ইমান দূৰ! ক্ষুদ্ৰ-বুদ্ধি গৰ্ব্বিত। নাৰী, নিজে নিজৰ অমঙ্গল চপাই ললি, ইয়াৰ পৰিণাম ভোগ কৰিবলৈ বেছি সময় নাই, অলপতে পাবি- ( প্ৰস্থান) যোধ—উত্তম! সেয়ে হক। ভ্ৰাত| ভগ্নিব যুদ্ধ, বিশ্বৰ এটা নতুন অপূৰ্ব্ব ৰহস্য! মুগ্ধনেত্ৰে জগতে চাই লক! সকলে৷ মিছা, সাৰত কাৰে৷ কেও নাই। ফাঁকি ফাঁকি—সত্য একো নাই। মোৰ কেওঁ নাই—আছে আছে মাথে৷ চাহজাদা, মোৰ জান জিগাৰ চাহজাদা, মোৰ ইহ পৰকালৰ ত্ৰাণকৰ্ত্ত৷ হৃদয় দেৱতা চাহজাদা, তেওঁকেই মাথে৷ আকোৱালি ধৰিম। দুৰ্ব্বল হিয়াত শক্তি গোটাই লৈ তেওঁৰ চৰণত মোৰ আশা ভৰসা কাম ক্ৰোধ ঈৰ্য্যা হিংসা দ্বেষ সকলে৷ লয় কৰি দিম, তেওঁৰ আনন্দাৰ্থে মোৰ গোটেই জীৱন বিলাই দিম। সেয়ে মোৰ শ্ৰেষ্ঠ কৰ্ত্তব্য! সেয়ে মোৰ প্ৰধান ধৰ্ম্ম! বান্দী, আনাৰক মোৰ ওচৰলৈ পঠাই দে এৰা মোৰ নবধৰ্ম্মৰ এয়ে প্ৰথম সোপান।