পৃষ্ঠা:গুলেনাৰ.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। যাৰ চৰণ বুকুত লৈ জীৱন জনম ধন্য মানিছো, সেই পতি,— সেই জীৱনৰ একমাত্ৰ অৱলম্বন, ত্ৰিদিবৰ সাৰ — মোৰ দেৱতাৰ দেৱত৷ পতিৰ নিন্দাবাদ! আজি তোমাৰ মুখত, মোৰ সাক্ষাতে? নিশ্চয় তুমি উন্মাদ হৈছা। এইবোৰ প্ৰলাপ বকিছ৷! মান—পাহৰিছ, যোধা, কাৰ লগত কথা হৈছ? যোধ—নাই পাহৰ৷ মই, সেয়েতে৷ আচৰিত হৈ শুধিছে৷, আজি তোমাৰ হৈছে কি? তোমাৰ মুখত এনে প্ৰলাপ কিয়? আচৰিত! মান—ইয়াত কি এনে আচৰিত কথা দেখিলা? সি এজনী বেশ্যা বান্দীৰ প্ৰেমত মত্ত হৈ তোমাক লাঞ্ছিত অপমানিত পদদলিত কৰিছে, আৰু তুমি ৰাজপুত কুমাৰী হৈ সকলোবোৰ নীৰৱে সহি আছা? গৌৰৱত অতুল মহিমাত দীপ্ত, অঙ্কৰ ৰাজ- নিন! কুলত জন্মগ্ৰহণ কৰি, এনে হীনতা, এনে ঘৃণ্য দাসীত্ব তোমাত নোশোভে যোধা! প্ৰতিশোধ লোৱা, এনে প্ৰতিশোধ লোৱা যেন ভাৰতৰ ভাবী সম্ৰাটৰ বিলাই দেখি জগত অবাক হয়। যোধ—হাঃ হাঃ হাঃ! এই উপদেশকে দিবলৈ এনে অসময়ত মোৰ ওচৰলৈ আহিছিল৷? মান—এই উপদেশকে দিবলৈ। কিয়? এইটে৷ তুমি ভাল নাপালা? যোধ—ভাল পাম! তুমি সঁচাকৈয়ে মোৰ দাদানে, নাইব৷ তেওঁৰ মূৰ্ত্তিধাৰী আন কোনোবা ছদ্মবেশী পিশাচ? ককায়েকে ভনীয়েকক পতিৰ ওপৰত প্ৰতিশোধ লবলৈ উপদেশ দিয়ে! হায় অদৃষ্ট! যি পবিত্ৰ বংশত ন্যায়নিষ্ঠ উদাৰ হৃদয় বেহাৰী মলে জন্মগ্ৰহণ কৰিছিল, চিৰ সদাচাৰী সমৰত দুৰ্জ্জয় ভগবান দাস জন্মিছিল, অম্বৰৰ সেই মহিমোজ্জ্বল ৰাজকুলত শেষত গৈ এনে