পৃষ্ঠা:গুলেনাৰ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। তৃতীয় দৃশ্য। যোধৱাইৰ মহল। যোধাবাই যোধ—চাহজাদ৷ কালি লগাই নৰ্মল। মই! যেবাৰ যুদ্ধলৈ গলগৈ, মোক মাত এষাৰে৷ এনে অনাদৰ, এনে উপেক্ষ৷ অবজ্ঞাৰ পাত্ৰী হায়! তেওঁৰ গাত দোষ কি? ক্ৰোধান্ধ হৈ মই নিজেই নিজৰ অমঙ্গল চপাই লৈছোঁ। মোৰ স্বামীক, মোৰ হৃদয় দেৱতাক, মইনে৷ এনে টান কথা কব পাওঁনে? মই যে ৰাজপুত কুমাৰী। অজ্ঞান মূৰ্খ মই, খঙত দুই এষাৰ কৈছিলে৷ যদিও, তাৰ পাচত চৰণত ধৰি ক্ষম৷ প্ৰাৰ্থন৷ নুখুজিলে৷ কিয়? দয়াৰ সাগৰ তেওঁ, মোৰ কাতৰ প্ৰাৰ্থনা কেতিয়াও অথলে নগলহেঁতেন। হায় কি কৰিলোঁ? এই বাৰ দেখা পালে চকুলোৰে তেওঁৰ চৰণ দুটি ধুৱাই, হৃদয়ৰ সকলো ক্ৰোধ, অভিমান, অহঙ্কাৰ, ঈৰ্ষা, হিংসা, দ্বেষ জন্মলৈ বিসৰ্জন দি, সকাতৰে মাৰ্জন! মাগিম। অত লাজৰ কথা কি আছে? তেওঁ যে মোৰ হৃদয় দেৱতা, মোৰ ইহকাল পৰকালৰ লগৰীয়॥ r ( বান্দীৰ প্ৰবেশ ) বান্দী—মহাৰাজ মানসিংহ আহিছে, মোলাকাং কৰিব খোজে! যোধ—হুঁ —কি? বান্দী—বেগম চাহেবেৰে দুৱাৰত উপস্থিত! মোলাকাৎ কৰিবলৈ মহাৰাজ মানসিংহ 3¹0