পৃষ্ঠা:গুলেনাৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। মুন্ন৷—হাঃ হাঃ হাঃ কম মানুহ নহৱ, ভাই তই! মানুহটো নো দেখিবলৈ কেনেকুৱ৷ হুঁ? পিয়াৰ৷—তৌৱ৷! তৌৱা! সেই ষাৰ হলে নুসুধিবি মুন্না! যাৰ মুখ দেখিলে গা ধুব লাগে। গাৰ গোন্ধত কূকুৰে৷ তাৰ তিছ নল তফাতলৈ পলায়, এনে জন মহাপুৰুষ তেওঁ। উল্—(আঁৰৰ পৰা স্বগতঃ) শুনা, শুনা, দিমগৈ নেকি তাইৰ মুখতে গোৰ এটা লগাই? নহয়, এতিয়া বাৰু নহয়, সময় আছে। পিয়াৰ৷—কিন্তু কৰিম কি মুন্না? উপায় নাই। নিজ কাৰ্য্যোদ্ধাৰ কৰিবলৈ বুলি আজি সেই অহম্মক জানোৱাৰটোৰ ভৰিত ধৰিবলৈ বাধ্য হলো। সেই বোৰ মনত পৰিলে এতিয়াও মোৰ গাটো কিব| কিবা যেন লাগে, ওকালি আহিব খোজে। ছিঃ! ( উভয়ৰে প্ৰস্থান (o উল—ওঁ মোক ভাল গাধাটো পাইছিলি? ভাল বোজা বোৱালি। আৰু নোৱাৰ৷ আজিৰ পৰা মই তোৰ দোছ মন। তোৰ প্ৰত্যেক কামত বাধা দিম। তোৰ গুপ্ত ৰাসলীলাৰ ওৰ পেলাম, তই যিহতে মনত কষ্ট পাৱ সদায় তাৰে চেষ্টা কৰি:- তোৰ জীৱনটে৷ অভিশপ্ত কৰি তুলিম, বল বল কলৈ গৈছ, কাৰ প্ৰেমত নো মত্ত হৈছ, বল, আজিয়ে তাৰ মজ৷ উলিয়াম, আজিৰ পৰ৷ মই তোৰ পাছত ভালকৈয়ে লাগিলে॥ ( প্ৰস্থান)