পৃষ্ঠা:গুলেনাৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। ৪৯ ভাল পোৱাৰ পাত্ৰ এট৷ আছে, আছেই আছে, কোনো ভুল নাই। তাই এতিয়৷ তালৈহে গৈছে, যাওঁ ময়ে৷ তাইৰ পাছে পাছে যাওঁ, তাইৰ আছক্‌টোনো কোন, চাম ( তৰোৱাল এখন লই প্ৰস্থান) দ্বিতীয় দৃশ্য। ৰাজপথ। পিয়াৰা, মুন্না আৰু অলপ আঁতৰত উলফ খাঁ। মুন্ন। – কি নাম বুলিলা? পিয়াৰ৷—উল্‌ফং খাঁ। মুন্ন৷——সি পাৰিব জানে৷? পিয়াৰ৷—পাৰিব, খুব পাৰিব। তাত একনো সন্দেহ নাই। সি এক কথাৰ মানুহ। মুন্ন৷—বাৰু ৰাজী হল হয়। মানুহনে গৰু সি! পিয়াৰ৷—পাৰোঁতে ৰাজী হৈছে! তাক যি প্ৰেমৰ নিছাত পেলালোঁ, একেবাৰে মছগুল হৈ গল। মুন্না — কেনেকৈ? কেনেকৈ হেঁ৷? পিয়াৰ৷—তাক যিহে প্ৰেম কাহিনী শুনালোঁ, মই যেন তাক নিজৰ জানতকৈও বেচি ভাল পাওঁ, সি নহলে মোৰ দুনিয়া আন্ধাৰ, সাজি পাৰি কত কথা কলোঁ, কত ৰছিকত৷ জনালে৷, হিঃ. হিঃ হিঃ— 8