পৃষ্ঠা:গুলেনাৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। 80 পিয়াৰ৷—এৰি দিয়| বুলিছে৷ নহয়, এৰি দিয়া। যাওঁ মই, বৰ ভাল পোৱাটো দেখুৱাবলৈ আহিছে! দেল্ ও জানেৰে ভাল পোৱ৷ গৰাকী জনে ক্ষুদ্ৰ কাম এটা কৰি দিবলৈ এনেদৰে খোছামোদী লয়? উল্—কেতিয়৷ কোন কামটে৷ তোমাৰ মই কৰি দিয়া নাই পিয়াৰ৷ এনে কথা কোৱানে? এতিয়াও মই কৰিবলৈ ৰাজী আছে॥ কোৱ| কি কৰিব লাগে? পিয়াৰা—(স্বগতঃ) আহিল আৰু পথলৈ, কলৰ পেছ ইমানতে থমাক লাগিল, নহলে পিটিকোতে পিটিকোতে নেমুটেঙ৷ তিতাহে হবগৈ। (ফুটাই) হাঃ হাঃ হাঃ হাঃ হাঃ তুমিও মোক নুবুজিল৷ খান্থানান!— মই যে তোমাক কিমান ভাল পাওঁ তুমি জানানে? পিয়াৰাই তোমাৰ কাৰণে হাঁহি হাঁহি তোপৰ মুখত উৰি যাব পাৰে। মইও তোমাক পৰীক্ষাহে কৰিছিলোঁ। মই জানে৷ পাহৰিছিলোঁ? মই তোমাক যেতিয়াই যিটে৷ কৰি- বলৈ কৈছো, তেতিয়াই হাঁহি মুখে তুমি সেইটে৷ কৰি দিছা। ইয়াতো কি মই তোমাৰ ওপৰত পেঁচ পাতিব পাৰোঁ! এনে কথা হব পাৰেনে? বুঢ় হলে মানুহবোৰ গাধা হয়, নহয়! অকৰ৷! বাৰু এতিয়| সেইবোৰ যাব দিয়া, কথা এটা কওঁ শুনা, চাহজাদ! আজি পূৱাতে মেবাৰ যুদ্ধলৈ গল, এই ছেগতে তুমি মোক কাম এটা কৰি দিব লাগে জান! উ—কি কাম? পিয়াৰ৷—আৰু বেলি যুদ্ধত যে চাহজাদাই গুলেনাৰ বোল৷ বাঁদী জনী পাই আনি মহলত থৈছিলহি, মনত আছে? সেই তাইয়ে আজিকালি মহলৰ মালেক। চাহজাদাই তাইক নেদেখি