পৃষ্ঠা:গুলেনাৰ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। পিয়াৰ৷—উহু —নিদিব এবি। এনে খাতিৰ, কথা 88 আছে কি! আদাব দি আদাবৰ উত্তৰ নেপাওঁ যি জনীয়ে, মোক আকৌ ধৰি বান্ধি থব; চাওঁ, চাওঁ, এৰা, যাব দিয়৷— ঊল্—আদাবৰ উত্তৰ নিদিলোঁ? তামাছ৷ নুবুজা! এতিয়াও দিও বাৰু, আদাব! আদাব! আদাব বিবিজান আদাব, আদব, আদাব, আদাব, আদাব। পিয়াৰ৷—থোৱা, থোৱা, ভেঙচালী কৰিব নেলাগে। তোমাৰ ভাল পোৱা সোপাকে বুজিলো। - উল্‌—সচাকৈ? হিঃ হিঃ হিঃ! পাগল আৰু বোলে কাক? হাঃ হাঃ হাঃ! মোটতে তুমি নিচেই লৰ৷ মানুহ, মোৰ ধেমালী কি বুজিবা? আৰু কিছুদিন মোৰ ওচৰলৈ অহা-যোৱা কৰা, তেতিয়া বুজিব॥ এতেপৰ মই যিখিনি কৰিলোঁ, এই খিনিও এক প্ৰকাৰ ৰছিকতা, ছেখ চাদীৰ গোলেস্তাত এনে ৰছিকতাৰ কথা বঢ়িয়াকৈ লিথা আছে। পিয়াৰ৷—থোৱ৷ তোমাৰ চাদীৰ গুলেস্তা বস্তা; মইযে কিমান কষ্ট পাই পস্তাইছে৷ তাক তুমি কি বুজিব!? উল্‌—আচ্ছ৷ পিয়াৰ৷ জান্! অপৰাধ হৈছে, মই তোমাৰ গোলাম, ভৰিত ধৰি মাতিছে৷, মাফ কৰা। পিয়াৰ৷—মই মাফ কৰিবৰ কোন? যিবোৰে তোমাৰ ৰোথু বুজে, যি তোমাৰ প্ৰেম পাগলী, সিহঁতেহে তোমাক মাফ্ কৰিব পাৰে সিহঁতৰ ওচৰলৈ যোৱ॥ উল্‌—ছিঃ মাফ, কৰ৷ পিয়াৰ৷, মোৰ জান! মই তোমাক দেল্ ও জানেৰে ভাল পাওঁ। মই তোমাৰ প্ৰেমৰ নিকিন| গোলাম, এই- বোৰ ৰছিকতাহে কৰিছিলে| সচ৷ মৰিবলৈকে——(হাতত ধৰে)