পৃষ্ঠা:গুলেনাৰ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। ৪৩. তাৰ সৰ্ব্বনাশ মই নিশ্চয় কৰিম; ইয়াৰ কাৰণে লাগে এই ঘিণ লগ৷ আপচু কাফ্ৰীটোৰ হাতত মোৰ স্ত্ৰীধৰ্ম্ম বিসৰ্জন দিম। উল্‌—কৰিছ৷ কি? যোৱা মই শোওঁ৷ পিয়াৰা—হায়ৰে মোৰ তকদিৰ! সাধি সাধি, কান্দি কান্দি, ভৰিত ধৰি থকাৰ ফল ইয়াকেহে পালোঁগৈ! উল্—যোৱ৷—যোৱ৷, আৰু চালাকিৰ দৰকাৰ নাই, মই কেচুৱ৷ লৰা, নাকে দুধ খাওঁ, নহয়? পিয়াৰ৷—আজি হল কি তোমাৰ? কি হল কোৱা? কোৱানা কলিজা? উল্‌—যোৱা বুলিছো, যোৱাগৈ, মোৰ আৰু সেইবোৰ ভাল নেলাগে। এনেয়ে নুৰৰ বিষত তত নাই, আহিছে গেলাত টেঙা দিবলৈ। পিয়াৰ৷—(স্বগতঃ) নহয়, আৰু এখোপ উঠিব লাগিব, মৰ গেন্ধেলাৰ মিজাজ আজি পঞ্চমত উঠিছে। (উলফতৰ ডিঙিত ধৰি ) মোক কলৈ খেদাবি নিষ্ঠুৰ? মই যে তোৰ চৰণত সমূলে বিক্ৰীত! উল্‌—হাঃ হাঃ হাঃ! ক্যা মজা! ক্যা মজা! তুমি খুব ভয় খাই গল। নহয়? আক্ৰীভূত কাহিকা! মই তোমাৰ ওপৰত খঙ কৰিব পাৰে৷? ৰঙহে চাইছিলো! হাঃ হাঃ হাঃ! পিয়াৰ৷—(মুখ ওফোন্দাই) এতিয়৷ আৰু আহোঁহে খাঁ চাহেব, বই!! উল্‌—ইকি! সচাকৈয়ে তুমি বেয়া পালানেকি পিয়াৰ৷? পিয়াৰ৷—নাই পোৱা বেয়া! কি বেয়া পাম? আমি জানে৷ মানুহ? এৰি দিয়৷ চাওঁ, যাওঁ। উল্‌—কলৈ যাবাহে, কলৈ যাবা? পাগল হৈছানেকি? নিদিওঁ মই এৰি।