পৃষ্ঠা:গুলেনাৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। মোক অকলে এৰি থৈ গুছি গলি, মই হে জানিছে৷ তেতিয়া প্ৰাণৰ অৱস্থ৷ মোৰ কেনে হৈছিল। বাৰু এই বাৰৰ পৰা ফাকি দিবি দেখি। পিয়াৰ৷ –( স্বগতঃ ) ওঁ গতি বিষম! মোৰ চালাকি ধৰাই পৰিল হবলা। বাৰু জুখি চাওঁ। ( ফুটাই ) নমত| হল। দেখো? যাওয়েই তেনে? ইয়াত-আৰু বহি কি কৰিম? যাৰ মুখলৈ চাই আহেঁ৷, তেঁৱেই যদি এই দৰে গুৰিয়াই থেঁদায়, তেন্তে আৰু কাৰ মূখ চাই ইয়াত বহিম? মোৰ জীৱনৰেই বা আৱশ্যক কি? আহোঁহে আৰু খাঁ চাহেব—বহ॥ 82 উল্‌—এৰ৷, যোৱ৷, ৰাতি হল, মোৰ গাটোও বৰ ভাল নহয়, শোঁওহে আমনি নকৰিবা পিয়াৰ৷—(স্বগতঃ) উঃ! ই মোৰ চালাকি ধৰিলে। ইয়াক যেনে নিৰ্ব্বোধ যেন ভাবো, সিমান নহয়। কিন্তু ফেদেল৷ হাৰছী আপচুটোৰ ৰোৱাব চোৱা! মই চাৰ্জাদাৰ খাচ বান্দী,—মহলৰ মালেক, মোৰ খোছামোদী লয়— - এই মৰ গেন্ধেল৷ কাফ্ৰী- টোৱে? বাৰু অ! নহয়, এতিয়৷ খঙ কৰিলে নহব। ই নহলে যে মোৰ কাৰ্য্যোদ্ধাৰ নহয়! যেনে তেনে, হাতে ভৰিয়ে ধৰি হলেও ইয়াক বশলৈ আনিব লাগিব। আনাৰ, আনাৰে যে মোৰ সৰ্ব্বনাশ কৰিলে, মহলৰ ইমান দিনৰ কৰ্তৃত্ব মোৰ কাঢ়ি ললে। মহলৰ ভিতৰত এতেদিনে যিবোৰে মোক বেগমব দৰে মানি নতশিৰে মোৰ আদেশ পালি আহিছিল, আজি মই সিহঁতৰ ভৰিত ধৰি মাতিলেও উভতি নোচোৱ| হল। ইয়াতে৷ কি মই . নিশ্চেষ্ট থাকিম? কেতিয়াও নহয়, প্ৰতিহিংসা! প্ৰতিহিংসা! প্ৰতিশোধ লম! যি মোৰ এনে সৰ্ব্বনাশ কৰিছে,