পৃষ্ঠা:গুলেনাৰ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অঙ্ক। 10*01 প্ৰথম দৃশ্য। খাঁ চাহেবৰ কোঠা। চাহেবে ধপাত খাই বহি থাকে, এনেতে পিয়াৰাৰ প্ৰবেশ। পিয়াৰাৰ গীত। দেল' জানসে ফিদাহু মই পাওকে তেৰা চাহাব! (এ জি) পে’লাও মুঝে লাল লালে লাল মিঠি আঙ্গুৰ ছৰাব। তোমূতে৷ প্যাৰ৷ মই পিয়াৰী আসক্ মাসুক্ ছনে৷ দোহাৰি আদাব জনাব আদাব হুজুৰ আদাব মিঞা আদাব। পিয়াৰ৷—আদাব খান্থানান্। উল্‌ –ওঁ, সকাম? পিয়াৰ৷—কি খান্থানান্? আজি দেখে| নতুন ভাব! কোন সৌভাগ্য- বৰ্তীক নো ভবা হৈছে? উল্—যাও যাও দিল্লগী কৰ' মৎ! (স্বগতঃ ) মিছ৷ প্ৰলোভনেৰে ইমান দিন মোক ভুলাই থৈছিলি, ফুছুলাই ফুছুলাই মোৰ দ্বাৰা নানান কাম কৰাই লৈছিলি—আজিৰ পৰ৷ আৰু সেইটো নহয়। এটা পকা বন্দৱস্ত নহয় মানে তোৰ কথাত বিশ্বাস নকৰো, সিদিন| ঘোপমৰ৷ আন্ধাৰ নিশা সেই তিনি আলিৰ মুৰত