পৃষ্ঠা:গুলেনাৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80 গুলেনাৰ। দান কৰিছা। তোমাৰ এই ঋণ মই জীৱনত কেতিয়াও সুজিব নোৱাৰিম গুল। অতি তীব্ৰ, অভি তেজোময় সৌন্দৰ্য্য অনলত হিয়| মোৰ দেই পুৰি ছাই হৈ যাব ধৰিছিল, তুমি আহি তাত শান্তি বাৰি ঢালিলাহি, তোমাৰ এই অযাচিত ৰূপাৰ কৃতজ্ঞতা জনাই শেষ কৰিব পৰ৷ ভাষাকে মই নেজানো। কিন্তু ইয়াকে কওঁ আনাৰ, মোৰ যি হিয়াত তুমি এনে গুলেস্তানৰ সৃষ্টি কৰিছ৷ সেই হিয়া তোমাৰ, তোমাৰ, তাত আৰু কাৰে৷ স্বত্ত্ব নাই— আনাৰ—চাহজাদা, এই গুণহীন৷ বান্দীৰ বান্দী আপোনাৰ চৰণত বিক্ৰীত। আহা, আজি মোৰ কি খোছ নছিব! আম্মা, আম্মা- চেলিম—ইমান সুন্দৰ, ইমান সৰল, ইমান পৱিত্ৰ তুমি ইৰাণ কুমাৰী! -::--