পৃষ্ঠা:গুলেনাৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। পঞ্চম দৃশ্য। চেলিমৰ মহল। চেলিম আৰু আনাৰ। ७१ চেলিম—এতেপৰ কত আছিল৷ আনাৰ? আনাৰ—মিৰ্জ্জ। বেগম চাহেব আহিছে, মোক চাবলৈ হেনো, তালৈকে বেগম চাহেবাই মোক মাতি পঠিয়াইছিল। চেলিম—দেখা কৰিলা? আনাৰ—আপোনাৰ হুকুমলৈহে দেখা কৰিব পাৰিম বুলিকৈ হুকুম লবলৈ আহিছে॥ চেলিম—তেওঁলোক এতিয়৷ কত আছে কব পাৰ৷? আনাৰ—নোৱাৰোঁ, বোধ হয় বেগম চাহেবাৰ খাছ মহলত। চেলিম—কোন কোন আহিছে জানা? আনাৰ — মিৰ্জ্জ। বেগম আৰু তেখেতৰ জীয়েক মেহেৰউন্নিছা। চেলিম—তেওঁ লোকৰ ভিতৰত কোনে তোমাক চাব খুজিছে? আনাৰ—মেহেৰউন্নিছাই। চেলিম—খবৰ দাৰ! নাযাবা, নাযাবা! শত্ৰু, সৰ্ব্বনাশ কৰিব। আনাৰ—হুঁ৷!—কয় কি? বুজা নাই। চেলিম—সাপ—সাপ—কালসাপ! এবাৰ ডাকিব লাগিলে আজীৱন জলিপুৰি মৰিব৷, সেই পোৰণি মাৰিবৰ কোনো উপায় নহব। এই চোৱা, মোৰ বুকু চোৱা, সেই নাগিণীৰ দংশন বিষৰ জ্বালাত এই বুকু জলিপুৰি খাক হৈ গৈছে। ( বুকু উদঙাই দেখুৱায় ) আনাৰ — ইয়া আল্লা! কি হল, হল কি? চাহজাদা, কি হল তোমাৰ? কিয় এনে কৰিছ|? হায় হায়! কলৈ যাওঁ, কি কৰে|? খোদ।— !