পৃষ্ঠা:গুলেনাৰ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অঙ্ক। কৰ৷ তোমাৰ অনুচিত। তোমাৰ কাম; — মানসিংহ কোন ? এটা উপলক্ষ্য মাথোঁ। ভবিষ্যৎ ভাৰত-সম্রাট মানসিংহ নহয়, তুমি—চেলিম——তুমি ! এতিয়া মই যাওঁ, তুমি আৰাম কৰ৷৷ (স্বগতঃ) নিৰ্ব্বোধ! এতিয়ালৈকে নিজ কাৰ্য্যোদ্ধাৰৰ উপায় নিশিকিলি ! বাজপুতে ৰাজপুত্ৰ যেনে সৰ্ব্বনাশ কৰিব, আনে কি তেনে পাৰে ? (ফুটাই) আৰু এটা কথা, যুদ্ধৰ শেষত তুমি আগ্ৰালৈ যাৰাগৈ, ইয়ালৈ অহাৰ আৰু প্ৰয়োজন নাই ৷ [ প্রস্থান ] চেলিম।—(উত্তেজিত ভাৱে ) মানসিংহ, মানসিংহ! মোৰ চিৰ ঘৃণাৰ পাত্ৰ কাপুরুষ মানসিংহৰ অধীনে সেনানায়করূপে শ্রদ্ধেয় ভাৰত- গৌৰৱ বীৰশ্রেষ্ঠ মহাৰাণ৷ প্ৰতাপসিংহৰ বিৰুদ্ধে অভিযান কৰিব হায়! হায়! কি লাজৰ কথ৷ “ছিঃ! “এই, নাচনেৱালী । লাগিব ? ( ঘুৰি ফুৰে )...... বান্দা।—(স্বগতঃ ) ইকি ! এতিয়৷ এনে অসময়ত নাচ গান ? অসম্ভৱ । মোৰ শুনাৰ হে ভুল । চেলিম!—ক্যা—-উল্লু ! খড়| কাহে ? নাচনেৱালী- বান্দা।—যো’ হুকুম মালেক ! ( কঁপি কঁপি প্রস্থান ? চেলিম। —মা—ন—সিং—হ! কিয় ? মানসিংহ নহলে জানে৷ দিল্লীশ্বৰৰ কোনো কাম অপূর্ণ থাকে ? মানসিংহৰ বাহুবলতে ভাৰতত মোগল সাম্রাজ্য প্রতিষ্ঠিত হৈছিল নে কি ? যি ঘৃণিত ৰাজপুত কলঙ্কে নিজৰ কুলমৰ্য্যাদাৰ শিৰত পদাঘাত কৰি, – বিজাতীৰ পদসেবি নিজক ধন্য যেন ভাবে; পিতা পিতামহ প্রপিতামহৰ পুণ্য স্মৃতিময় শত গৌৰৱৰ জন্মভূমিক বান্ধি ছাতি যি বিদেশী বিধৰ্ম্মীৰ হাতত পেলাই দিয়ে, তাক—সেই নৰাধম কাপুরুষক