পৃষ্ঠা:গুলেনাৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ । আকবৰ।—তোমাৰে এটি কথা আছে, চেলিন! চেলিম।-হুকুম কৰক, আব্বা ! আকবৰ।——ৰাণা প্রতাপসিংহৰ বিৰুদ্ধে তুমি ৰৱান৷ হব লাগে। চেলিম।—ঘে| হুকুম ! এতিয়া তেখেত ক’ত আছে তাৰ কিব৷ সন্ধান পোৱ৷ গৈছে হবল৷ ? আকব।— শুনিছে।—তেওঁ আৰাবল্লী-উপত্যকাৰ এঠাইত লুকাই আছে। চেলিম, আমি এট৷ বৰ ভুল কৰিলে।। টেলিম।—কি ভুল আব্বাজান ? আকবৰ।—এই চাৰি বছৰে তেওঁৰ কোনো সন্ধান লোৱা নাছিলোঁ । মোৰ বিশ্বাস এই ছেগতে তেওঁ তলে তলে বহু শক্তি গোটালে। চেলিম।——মই শুনোতে, মেৱাৰবাসীয়ে আজিকালি গৃহ বিবাদত হে লাগিছে ; তেনে হলে তো ৰাণ৷ দুৰ্ব্বল হৈ হৈছে আব্বা! আকবৰ। –ওঁ! মেৱাৰ আক্ৰমণৰ তেনে এইটোয়ে উপযুক্ত সময়। কাইলৈ পুৱাতে যাত্ৰ৷ কৰা । চেলিম।—যো হুকুম। আকবৰ।—অৱশ্যে তুমি অকল নোহোৱা—তোমাৰ লগত আৰু এজন যাব। চেলিম। – কোন ? আৰ।——মহাৰাজ মান হ। চেলিম।— মানসিংহ! মোৰ সহকাৰীৰূপে অৱশ্যে ? আকবৰ। — নহয়, সেনাপতিৰূপে । চেলিম।—(তল মুৰকৈ স্বগতঃ) মা—ন—সিং—হ! আকব।—বাচ্ছা! ব্যক্তিগত বিদ্বেষৰ বশৱৰ্ত্তী হৈ ৰাজকাৰ্য্যত অৱহেলা