পৃষ্ঠা:গুলেনাৰ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুলেনাৰ। চেলিম—( চকু মেলি ) আনাৰ! জীবিতেশ্বৰী মোৰ! সঁচাকৈয়ে তুমি মোক এৰি যাবা? আহ হা, হাঃ, কি হল, কি (কান্দে)। আনাৰ—চাহজাদা—(কান্দে) | চেলিম——তুমি নাকান্দা আমাৰ! তোমাৰ এই দৃশ্য যে মোৰ সহা নহয়। একে৷ ভয় নাই, ভয় নকৰিব৷ তুমি, মই থাকোতে তোমাক কেৱেঁ একো কৰিব নোৱাৰে। সম্ৰাটৰ ভৰিত ধৰি মই তোমাৰ প্ৰাণ ভিক্ষণ কৰিম। ভাৰত সিংহাসনৰ ওপৰত আগলৈ মোৰ যি সত্ত্বাধিকাৰ আছে, তাকে। লাগে পৰিত্যাগ কৰিম, তাৰ হৈ তোমাৰ প্ৰাণ ভিক্ষা লম। বিশাল বিশ্বৰ নিচেই নিজান এচুকত, তৃণ লতাৰ আঁৰত, ক্ষুদ্ৰ পজ। এটি সাজি, তাতে আমি হয়ে৷ হথে থাকিমগৈ আনাৰ। লোকালয় আমাৰ কাৰণে নৰকতুল্য হৈ উঠিছে, হিৰ হোৱা তুমি, এতিয়াই মই আব্বাৰ ওচৰলৈ যাওঁ। Job ( আকবৰৰ প্ৰবেশ ) আক——আত্মসম্মানহীন কুলাঙ্গাৰৰ প্ৰাৰ্থনাত জ্ঞানীজনে কাণকে নিদিয়ে, চেলিম! ভাৰত সম্ৰাটৰ অটল আদেশ অন্য কৰি কিয় এই বান্দীক তুমি এতিয়াও ধৰি ৰাখিছা? ( নিকত্তৰ চেলিম) বুজিছো, কৈফিয়ত দিবলৈ তোমাৰ একো নাই। লৈ যা, প্ৰহৰিণী। চেলিম-(আঠু লৈ) নিৰ্দ্দোষ অৱলা ছোৱালীজনীক ক্ষম৷ কৰক। তাইৰ একো দোষ নাই। সকলে। দোষ মোৰ! ৰাজ-নিয়মে যদি প্ৰাণ দণ্ডই এই অপৰাধৰ যোগ্য শান্তি হয়, তেনে সেই শাস্তি মোক দিয়ক, হাঁহি মুখে মই তাক গ্ৰহণ কৰিবলৈ প্ৰস্তুত আছো, জাঁহাপানা।