পৃষ্ঠা:গুলেনাৰ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। আক—এনে প্ৰলাপ বচন ভাৰতৰ ভাবি সম্ৰাটৰ ৰননাত নোশোভে চেল্লিম! ( প্ৰহৰিণীৰ প্ৰতি ) উল্লুক, ক্যা দেয়্তা, লে যাও। চেলিম—( ভৰিত ধৰি ) আব্বা! আব্বাজান! জাঁহাপান৷! নিষ্পাপ নিৰপৰাধিনীক মাফ কৰক চাহেনচাহ! আসমুদ্ৰ হিমগিৰি বিস্তৃত ভাৰত ভূমিৰ অধিপতি আপুনি, কোটি কোটি জীৱৰ দণ্ড মুণ্ডৰ প্ৰতাপশালী নিয়ন্ত৷, দুৰ্ভগীয়৷ পুতেকৰ। এই দীন সকৰুণ প্ৰাৰ্থনাটি অগ্ৰাহ্য নকৰিব পিতা! আপুনি মোৰ পিতা, জন্মদাতা, পিতা হৈ পুতেকৰ হিয়| তন্ত্ৰি ছিঙি লৈ কি ৰঙ চাব খুজিছে আব্বাজান? ৰাখক, মোৰ এই সকৰুণ প্ৰাৰ্থনাটি ৰাখক, ৰাখক। দোহাই আপোনাৰ, তাইক ৰক্ষা কৰক, দুনীয়াৰ এচুকত, দূৰৈত, বহুত দূৰৈত কোনে৷ এখন গহীন বিজন অৰণ্যত নিশ্বাস লৈ পৰি থাকিবলৈ এৰি দিয়ক তাইক পিতা! আক—চেলিম! ভাৰতৰ ৰাজদণ্ড লৰাৰ ধেমালিৰ বস্তু নহয়। (প্ৰহৰিণীৰ প্ৰতি) লৈ যা কইছো। আনাৰক লৈ প্ৰহৰিণীৰ প্ৰস্থান ) ১০৯ - চেলিম – কলৈ যাৱ ইৰাণী! আনাৰ! আনাৰ! মৃত্যুৰ লগত যুদ্ধ কৰিও মই তোক ওভটাই আনিম। প্ৰলয়ৰ ঘনঘোৰ অন্ধ- কাৰত পৃথিবী ঢাক যক। প্ৰলয়ঙ্কৰ বজ্ৰাঘাতত শ্যামল ধৰিত্ৰীৰ কোমল হৃদয় ভাগি ছিগি উৰি যক, ফেণৰাশিপূৰ্ণ জলধিৰ অতল গৰ্ভত অনন্ত বিশ্ব উটি, বুৰি, ভাহি যক; কালনাগিণীৰ হলাহলময় নিশ্বাসত বায়ুমণ্ডল বিষাক্ত হৈ উঠক, তথাপি মই যাম, যেনেকৈয়ে হক, মৃত্যুৰ কৰালগ্ৰাসৰ পৰ৷ মই তোমাক ৰক্ষা কৰিম, কাকে৷ আৰু নামানো, ববী – ( যাব থোজে) আক—(বাধ| দি) কলৈ যাৱ, উন্মাদ যুবক? তামাছা! ভাৰত সম্ৰাটৰ