পৃষ্ঠা:গুলেনাৰ.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চম অঙ্ক। মান-আগ্ৰাত নকৰি, আন এঠাইত কৰিলেই হব; কেৱেঁ সন্দেহকে কৰিব নোৱাৰিব। আক—ক’ত কৰিবলৈ কোৱা? মান—-বহুদূৰ চাই এঠাইত। জানিবা, লাহোৰত, গভীৰ নিশা, গোটেই জগত যেতিয়৷ টোপনিত নিঃপালি দিব, তেতিয়া সেই সুযোগতে তাইক মহলৰ পৰা উলিয়াই, ৰাতিয়ে ৰাতিয়ে লাহোৰলৈ পঠাই দিলেই, বচ, কোনে পা। আক? আক—সেইটো হয় অৱশ্যে? বাক তোমাৰেই পৰামৰ্শ লোৱা হল। কিন্তু তাকে তুমি নিজে কৰিব লাগিব, আজি ৰাতিয়েই! আনক মই বিশ্বাস কৰিব নোৱাৰোঁ, পাছত কেনেবাকৈ কথাটে৷ ওলাব লাগিলে, তোমাক আৰু কি বুজান, মহাৰাজ? মান—(স্বগতঃ) বাহৰে সংসাৰ! যি অম্বৰৰাজকূল, ন্যায়নিষ্ঠ আৰু ধৰ্ম্ম- ভীক বুলি চিৰকাল খ্যাত, সেই পবিত্ৰ কুলত জন্মি আজি মই নজনা, নিচিনা, নিদোষী ছোৱালী এজনীৰ গুপ্ত ঘাতক হব লাগিব! হায়ৰে নিয়তি! কৰিম, এই কৰ্ম্ম কৰিব লাগে, মই কৰিম নহলে চেলিমৰ ওপৰত প্ৰতিশোধ লোৱা নহয় যে? আৰু এইটে। নো কি বৰ ডাঙ্গৰ কথা? নিজ স্বাৰ্থ পূৰণাৰ্থে মানসিংহে ইয়াতোকৈ বেছি বেছি ভয়ানক কাম কৰিব পাৰে, আৰু কৰিছে। আক—–কি মহাৰাজ! ভয় খালানে কি? উপদেশ আৰু স্বয়ং সেই মতে কাৰ্য্য কৰ৷ বহুত তফাৎ, নহয়নে? মান——একে৷ কথা নাই, জাঁহাপান৷! বান্দ৷ তৈয়াৰ আছোঁ। বাদছাহৰ হুকুম হলে, এজনীহে নালাগে, সহস্ৰ জনী তিকতাকে৷ এই দানে হাঁহি মুখে স্বহস্তে জীৱন্তে কবৰ দিব পাৰে।