পৃষ্ঠা:গুলেনাৰ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৪ গুলেনাৰ। আক – সেইটে| আৰু কব লাগিছেনে? চেলিমৰ ইয়াত দোষ কি? - সকলে৷ অপৰাধ সেই দুষ্টা বান্দীৰ! তায়েই যদি, হৃদয় উন্মাদ- কাৰী ৰূপৰাশিলৈ আহি তাক দেখা নিদিলেহেতেন, এনে অনৰ্থ কেতিয়াও ঘটিব নোৱাৰে, সকলে৷ অনৰ্থৰ মূল তায়েই। হীন, নগণ্য৷ বান্দীৰ ইমান আকাঙ্ক্ষা? দেখিম তাইক। কিন্তু, কঠিন শান্তি তো তিকতাক দিব নোৱাৰি, মহাৰাজ। মান—নহয় জাঁহাপান৷! কঠিন শাস্তি নিদিলেও যে চাহজাদাক ৰক্ষ| কৰিব পৰ| নহব। তাইক পৃথিবীৰ পৰা একেবাৰে নাতবালে, চাহজাদ৷ পুনৰ তাইৰ মায়াজালত পৰিবগৈ, কেতিয়াও মনস্থিৰ কৰিব নোৱাৰে। আক—ই যে অতি অসম্ভৱ, মানসিংহ? মান—অসম্ভৱ হলেও কৰিব লাগিব, নহলে আন উপায় আৰু একো নাই। –তুমি বাৰু কেনেকৈ, কি কৰিবলৈ কোৱঁ|? আক— তাইক জীৱন্তে সমাহিত কৰাই ---তব্য। মান—মোৰ বোধে, আক—কোৱ৷ কি মানসিংহ? অবলা তিকতা নাক এনে কঠোৰ শাস্তি দিলে যে, ভাৰত সম্ৰাটৰ কলঙ্কৰ সীমা নাথাকিব? আন কি, ইয়াকে সূত্ৰ লৈ, ইমান কষ্টে, ইমানবোৰ মোৰ ভাই ভাতা প্ৰিয় আশ্ৰিত অনুচৰৰ ৰক্তপাত কৰি অৰ্জ। এই সিংহাসনে৷ বাষ্পাকাৰে উৰি যাব, মহাৰাজ! মান—তাকে আনে জানিব পাৰিলেতো, জাঁহাপান৷? কেৱেঁ নজনাকৈ, গুপ্ত ভাৱে কৰিলেই হয়। আক——অসম্ভৱ! মহলৰ এনে এজনী মুখীয়াল বান্দীক ধৰি জীৱন্তে কবৰ দিব৷, এই কথা কি অপ্ৰকাশিত থাকিব পাৰে?